Tuesday, January 13, 2015

ফাগুন মোৰ ওপজা দিন

ফাগুন মোৰ ওপজা দিন
~~~~~~~~~~~~~~
আজি ফাগুনৰ বাৰ দিন
মোৰ ওপজা দিন
ফাগুনৰ কোলাত ওপজাৰ বাবে
মই উদাস আৰু অহংকাৰী
বুকুত বৈ থকা
দুখৰ নদী ভেটি
দুচকুত ফুলাব পাৰো জুইফুল
উদাসী ফাগুনৰ দৰেই নিৰ্লিপ্ত হ'ব পাৰো
কোনো দুখ কিম্বা সুখত
ডাৱৰৰ দৰে চঞ্চল হৈও
নেৰো আকাশৰ দাম্ভিকতা
ফাগুনৰ দৰে মইও কেতিয়াবা দুষ্ট হৈ পৰো
চুই চাব বিচাৰো
তাইৰ বুকুৰ ফুল দুপাহ
ৰু ৰু পচোৱাৰ সতে ভাহি যায়
মোৰ সেউজীয়া বাঁহীৰ সুৰ
মোৰ পিছে বদনাম নাই
ফাগুনৰ সমান
(মই শুনা নাই)
বদনাম আছে মাথো
মই দাম্ভিক
মই অহংকাৰী
ফাগুনৰ কোলাত ওপজাৰ বাবেই
মই দাম্ভিক আৰু অহংকাৰী।

Thursday, January 8, 2015

চিত্ৰলেখা চিনেমা হল, গোলাঘাট এতিয়া মাথো স্মৃতি...

চিত্ৰলেখা চিনেমা হল, গোলাঘাট
এতিয়া মাথো স্মৃতি...
----------------------------------

ৰিণিকি ৰিণিকি মনত পৰে বেৰখনৰ সমান ডাঙৰ টিভি এটাৰ কথা। টিভিটোত তৰা এটা ওলোৱা আৰু আখৰ কিছুমান চলি থকা মনত পৰে। এয়া আজিৰ পৰা বিশ বছৰতকৈও আগৰ কথা। কেচুৱা কালতে মাৰ লগত গৈছিলো চিনেমা হলটোলৈ। তাৰ পাছত বহুত দিন বিৰতি। কলেজ পোৱাৰ পাছত অসমীয়া চিনেমা আহিলেই চাইছিলোগৈ, দুই-এখন হিট হিন্দী চিনেমাও চাইছিলো। "চুৰেণ চোৰৰ পুতেক" এইটো হলতে তিনিবাৰ চাইছিলো। এইটো হলতে আমিৰ খানৰ "গজনী" চাবলৈ গৈ টিকট বিচাৰি উৎপাত কৰিছিলো। আজি সেই দিনবোৰ অতীত হৈ গ'ল। অতীত হৈ গ'ল এই "চিত্ৰলেখা চিনেমা হল"। গোলাঘাটৰ একমাত্ৰ চিনেমা হলটো ধ্বংসস্তুপত পৰিণত হ'ল। তাত হেনো এতিয়া শ্বপিং মল হ'ব!


5 July, 2013

কৈশোৰৰ চুপাৰ হিৰ' দস্যু ভাস্কৰ আৰু অন্যান্য

কৈশোৰৰ চুপাৰ হিৰ' দস্যু ভাস্কৰ আৰু অন্যান্য
_____________________
"দস্যু ভাস্কৰ" - নামটো শুনিলে এতিয়াও শিহৰিত হৈ উঠো। সমাজ বিৰোধী সকলৰ বিৰুদ্ধে দস্যু ভাস্কৰৰ সেই শিহৰণকাৰী অভিযানবোৰ সঁচাই অভিনৱ আছিল! হাইস্কুলত পঢ়াৰ দিনত ঘৰৰ পুৰণা কিতাপৰ বাকচ খোঁচৰোতে পাইছিলো "দস্যু ভাস্কৰ" চিৰিজৰ দুখনমান কিতাপ। প্ৰথমবাৰৰ বাবে পঢ়িছিলো "দস্যু ভাস্কৰ"। তাৰপাছত দস্যু ভাস্কৰৰ কিতাপ বিচাৰি চলাথ কৰিছিলো, কিন্তু পোৱা নাছিলো। ২০০৪-০৫ চনত HS পঢ়িবলৈ গোলাঘাট আহিলো। মাহেকীয়া খৰচৰ পইচা বচাই প্ৰায়ে দুই-এখন কিতাপ কিনিছিলো আৰু নগৰ কিতাপ দোকান কেইখনত প্ৰায়ে পাক মৰাটো মোৰ অভ্যাসত পৰিণত হৈছিল। পইচা নাথাকিলে কিতাপবিলা চায়ে লোভ সামৰিছিলো। তেনেদৰে চাই ফুৰোতেই এদিন গোলাঘাট নগৰৰ মাজমজীয়াৰ "জ্যোতি পুস্তক মন্দিৰ"ৰ এচুকত দেখিলো কেইখনমান সৰু সৰু
পুৰণা কিতাপ! ভালদৰে চাই দেখিলো সেয়া দেখোন মই ইমান দিনে বিচাৰি ফুৰা "দস্যু ভাস্কৰ চিৰিজ"! লগে লগে দুখনমান কিনি ল'লো আৰু ৰুমত আহি গোগ্ৰাসে গিলিছিলো। তাৰপাছৰ পৰা প্ৰত্যেক মাহতে যেনেতেনে পইচা বচাই
দুই-এখন কিনিছিলো। দস্যু ভাস্কৰ চিৰিজৰ মই কিনা কিতাপবিলাক ১৯৯৩ চনত পুনৰমুদ্ৰিত আছিল। এতিয়া পিছে সেই আটাইবিলাক কিতাপ নাই! কোনোবাই কোনোবাই পঢ়িবলৈ নি ঘুৰাই নিদিলে। মোৰ "দস্যু ভাস্কৰ চিৰিজ"ৰ আটাইখিনি কিতাপ সংগ্ৰহ কৰাৰ ইচ্ছা আছে।

"দস্যু ভাস্কৰ"ৰ বিষয়ে এইখিনি লিখাৰ মূলতে হ'ল মৃণাল দাই কেইদিনমান আগতে এই সম্পৰ্কে দিয়া কেইটামান আপডেট! আপডেট কেইটা পঢ়ি মনত পৰি গ'ল কৈশোৰ কালৰ সেই হিৰ' জনলৈ। পুৰণা কিতাপৰ বাকচ খুলি দস্যু ভাস্কৰৰ কিতাপ উলিয়াই আকৌ পঢ়িলো। যোৱা ২৬-১০-২০১৩ তাৰিখে DY365ত মৃণাল দাৰ 'প্ৰসংগ্ৰমে' অনুষ্ঠানত "দস্যু ভাস্কৰ"ৰ বিষয়ে কৰা আলোচনা চায়, তাত উপস্থিত সকলৰ এই সম্পৰ্কীয় অতীত ৰোমন্থনৰ কথাবিলাক শুনি নষ্টালজিক হৈ পৰিলো। সকলোৰে কৈশোৰৰ হিৰ' আছিল এই "দস্যু ভাস্কৰ"! দস্যু ভাস্কৰ আজি হেৰাই যোৱাৰ উপক্ৰম হৈছে, ৰংমন ওৰফে ৰবিন দেক সকলোৱে পাহৰি গৈছে। ৰবিন দেক প্ৰাপ্য স্বীকৃতিৰ পৰা আজিও বঞ্চিত কৰি ৰখা হ'ল। ওপৰত উল্লেখিত অনুষ্ঠানতে অৰিন্দম বৰকটকীয়ে কৈছিল যে ৰবিন দেক সেই সময়ৰ ৰাছিয়ান ইণ্টেলিজেণ্সৰ লগত জড়িত বুলি সন্দেহ কৰা হৈছিল আৰু সেই বাবেই তেওঁক প্ৰৰোচনামূলক ভাৱে উপেক্ষা কৰা হৈছিল। কিন্তু সেইবিলাক যিয়ে নহওঁক আমাৰ অসমত এনেধৰণৰ সাহিত্যক আৰু লেখক সকলক সদায়ে উপেক্ষা কৰা হয়। "এইবিলাক ৰহস্যধৰ্মী, সৰু ল'ৰা-ছোৱালীৰ কিতাপ বুলি উপেক্য়া কৰা হয়। .কিন্তু স্পাইদাৰমেন, চুপাৰমেন আদি বিদেশী কমিক হিৰ'বোৰ যদি সৰ্বগ্ৰহণযোগ্য আৰু ল'ৰা-বুঢ়া সকলোৰে মাজত জনপ্ৰিয় হ'ব পাৰে তেন্তে আমাৰ "দস্যু ভাস্কৰ"ক কিয় গ্ৰহণ কৰিব নোৱাৰিব! পুৰণা কিতাপৰ বাকচত দস্যু ভাস্কৰৰ লগতে তেনেধৰণৰ আৰু কেইখনমান কিতাপ পালোঃ দস্যুৰাণী বিজুলী, লেখক ঋতুৰজ; নিশাচৰ চিৰিজ, লেখক শংকৰ আৰু বহ্নিমান ৰোমাণ্স মালা, লেখক অভিজিত। ইয়াৰে পাছৰ দুটা চিৰিজ আমাৰ গোলাঘাটৰ পৰাই প্ৰকাশিত। তেনেধৰণৰ আৰু এটা চিৰিজ পঢ়া মনত পৰেঃ প্ৰেমনাৰায়ণৰ পা-ফু। এইটো চিৰিজো খুবসম্ভব গোলাঘাটৰ পৰাই প্ৰকাশ পাইছিল। অসমীয়া সাহিত্যৰ এক বিশেষ অংশ এই চিৰিজ বিলাক আজি বিলুপ্তিৰ পথত, লেখক সকল বিস্মৃতিৰ গৰ্ভত। সময় থাকোতেই এই কিতাপ বিলাক পুনৰ মুদ্ৰণ, ডিজিটেল আৰ্কাইভ বা অন্য উপায়েৰে সংৰক্ষণ কৰিবৰ হ'ল আৰু লেখক সকলক পলমকৈ হ'লেও তেওঁলোকৰ প্ৰাপ্য স্বীকৃতি প্ৰদান কৰা উচিত। এই ক্ষেত্ৰত মৃণাল দাই লোৱা পদক্ষেপে আশাৰ সঞ্চাৰ কৰিছে। দস্যু ভাস্কৰ বা অন্যান্য চিৰিজৰ গুণগ্ৰাহী সকলো আগবাঢ়ি আহক।


28 Oct, 2013

যোৱা ৬ মাৰ্চত গণজীৱন কাকতৰ "ফাগুনৰ সৰাপাত" শীৰ্ষক পৃষ্ঠাত প্ৰকাশিত মোৰ কবিতা "নিমন্ত্ৰণ"

যোৱা ৬ মাৰ্চত গণজীৱন কাকতৰ "ফাগুনৰ সৰাপাত" শীৰ্ষক পৃষ্ঠাত প্ৰকাশিত মোৰ কবিতা "নিমন্ত্ৰণ" 

6 March, 2014

এজাক বৰষুণৰ পক্ষপাতিত্ব আৰু এহাল চৰাইৰ এটা বাহ

এজাক বৰষুণৰ পক্ষপাতিত্ব আৰু এহাল চৰাইৰ এটা বাহ
~~~~~~~~~~~~~~~~~~~~~~~~~~~
কালি দুপৰীয়া আমাৰ ইয়াত এইবাৰৰ আটাইতকৈ ডাঙৰ বৰষুণ জাক দিলে| ইয়াত বুলি নকৈ গোলাঘাটত বুলিও ক'ব পাৰিলোহেঁতেন| কিন্তু বতৰ সলনি হ'ল| বৰষুণৰ ৰূপ সলনি হ'ল| বৰষুণে আজিকালি পক্ষপাতিত্ব কৰে| আধা কিঃমিঃ-এক কিঃমিঃৰ দুৰত্বৰ অন্তৰে অন্তৰে ক'ৰবাত বৰষুণ দিয়ে ক'ৰবাত নিদিয়ে| গতিকে ৰাস্তাৰে তেৰ কিঃমিঃ দুৰৰ আৰু পাঁচ কিঃমিঃৰ এৰিয়েল ডিষ্টেনচ্ (অসমীয়াত কি কয় নাজানো)ৰ গোলাঘাট নগৰত বৰষুণ দিছেনে নাজানো| বতৰৰ পৰিবৰ্তনৰ এই ঘটনাৰ সাক্ষী হ'লো আচৰিত ধৰণে| ঘটনাটো এনেধৰণৰঃ দুপৰীয়া ভাত খাই উঠোতেই আৰম্ভ হ'ল এজাক কলহৰ কাণে ঢলা বৰষুণ| বাৰান্দাত বহি বৰষুণজাক উপভোগ কৰাত লাগিলো| সুখী হ'লো বৰষুণজাক অহাত| পানীৰ অভাৱত হাল বায় থোৱা কঠিয়ানী ধুলিয়ৰি হৈ আছিল| মেচিনেৰে পানী উঠোৱাৰ কথা ভাবিছিলো আৰু! পিছে বৰষুণজাক অহাৰ বাবে ৰক্ষা পালো| এইবিলাক ভাবি বহি থাকোতেই বৰষুণজাক কমি চিপচিপীয়া হ'ল| কিন্তু হঠাত দেখিলো আমাৰ কাষৰ ঘৰৰ চোতালত তেতিয়াও দোপালপিটা বৰষুণ! এনেদৰে আমাৰ ঘৰত চিপচিপীয়া আৰু কাষৰ ঘৰত দোপালপিটা বৰষুণ প্ৰায় পোন্ধৰ মিনিটমান দিলে| বৰষুণৰ এই পক্ষপাতিত্ব দেখি আমোদো পালো, আচৰিতো হ'লো আৰু চিন্তিতও হ'লো| তাৰপাছত আকৌ আৰম্ভ হৈ গ'ল কলহৰ কাণে ঢলা বৰষুণ|
বৰষুণ চায় থাকোতেই মনত পৰিল ফুলনিৰ জবাজোপাত বাহ বন্ধা অকনমানি চৰাই হালৰ কথা| এই দোপালপিটা বৰষুণত সিহঁতৰ অৱস্থা কি বা হৈছে! বাহত থকা কণীকেইটাৰে বা অৱস্থা কি হৈছে! পিছে বৰষুণ ইমানেই ডাঙৰ যে সিহঁতক চাবলৈও যাব নোৱাৰো| বাহটোত কণী কেইটা আছিল জনা নাছিলো| চৰাইহালে ভয় খাব বুলি চোৱা নাছিলো যদিও দুৰৰ পৰা সদায় চায় থাকো| চৰাইজনীয়ে উমনি দি থাকে| পোৱালি হ'লে চাম বুলি ভাবি আছিলো| কিন্তু এই বৰষুণ সিহঁতৰ অৱস্থা কি হ'ব বুলি চিন্তিত হৈ পৰিছিলো| সিহঁতৰ কথা ভাবি ভাবিয়ে বিচনাত পৰিলোগৈ আৰু টোপনি গ'লো| আবেলি সাৰ পায়ে ফুলনিলৈ দৌৰিলো| দেখিলো গছজোপাৰ বাহ থকা ডালটো হাওলি গ'ল| বাহটো ঠিকে আছে যদিও তাৰ ওপৰত থকা পাতখিলা চিঙি গ'ল| চৰাইহালৰ উমঘাম নেদেখি চকী এখনত উঠি বাহটো চালো| বাহত চকু নেমেলা দুটা অকনমানি পোৱালি আৰু এটা কণী দেখি ভাল লাগি গ'ল| যি নহওক চব ঠিকে আছে| ভালদৰে চাই দেখিলো পোৱালি দুটা আজিহে কণীৰ পৰা উলাইছে| এনেতে চৰাইহাল ওলালহি| মই আঁতৰি দিলো| মাক-বাপেকে পোৱালিহালক টোপ খোৱাই আকৌ ভুৰুংকৈ উৰা মাৰিলে| মই ডালটো পোনাই দি এটা ভৰা মন লৈ আঁতৰি আহিলো|

(চৰাইবিধৰ নাম ORIENTAL WHITE-EYE. আমাৰ ইয়াত চটচটি বুলি কয়)

10 June, 2014

বিহু-বিহুগীত-বিহুমঞ্চ-হিন্দীগান-জুবিন-পাপন বিতৰ্কৰ পৰা আঁতৰিএখন বড়ো গাঁৱত এটা ভাল লগা দিন

বিহু-বিহুগীত-বিহুমঞ্চ-হিন্দীগান-জুবিন-পাপন বিতৰ্কৰ পৰা আঁতৰিএখন বড়ো গাঁৱত এটা ভাল লগা দিন
~~~~~~~~~~~~~~~~~~~~~~
বিহু বুলি পৰহি দাদা এজনৰ ঘৰত ফুৰিবলৈ ওলালো| এইদাদাজন মানে আমাৰ গিৰিন্দ্ৰদাৰ লগত দাদাকৈও বন্ধুত্বৰ সম্পৰ্কহে বেছি! বয়সত অলপ ডাঙৰ বাবেহে দাদা বুলি কওঁ|এই গিৰিন্দ্ৰদাৰে অসম-নাগালেণ্ড সীমান্তৰ চিচুপানীৰ ঘৰলৈ ওলালো বিহু খাম বুলি| চিচুপানী মানে এইচিচুপানীৰে জয়পুখুৰীৰ পাৰত যোৱা ২২ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল বড়ো সাহিত্য সভাৰ অধিবেশন| গতিকে অনুমানকৰিব পাৰিছেই চাগে যে এইটো এটা বড়ো অধ্যুষিত অঞ্চল| তাৰ মাজতেই আছে দাদাহঁতৰ দৰে কেইঘৰমান অবড়োলোক| আমি শুনি থকাৰ দৰে ইয়াৰ বড়ো-অবড়োৰ মাজতনাই হেনু কোনো অশান্তি| পকা ৰাস্তা হৈছে যদিও একেবাৰে নিভাঁজ গাঁও, এটা ভাল লগা পৰিবেশ| এফালে নগা পাহাৰ এফালে দৈয়াং নদী| এইকেইদিন টিভি, ফেচবুক আনকিপ্ৰায় সকলোমানুহৰ মুখতে মাত্ৰ বিহু মঞ্চত হিন্দী গান, জুবিন-পাপন বিতৰ্কই চকু-কাণ ঘোলা কৰাৰ সময়তেএইবিলাকৰপৰা আঁতৰিমোবাইল নেটৱৰ্ক ভালদৰে নোপোৱা এনে সুন্দৰ ঠাইখনলৈ গৈ যিকন সময় কটাই আহিলো তাতকৈ কিন্তু লগত লৈ আহিলো বহুত ভাল লগা অভিজ্ঞতা| দাদাহঁতৰ ঘৰতবিহুৰ জলপানখাই চোতালতে আড্ডা দি থাকোতে আহিলসৰু সৰুছোৱালীৰ জাক এটা| বিহু মাৰিবলৈ আহিছে বুলি ভাবিছিলো যদিও সিহঁতে নাচিলে বাগড়োম্বা| বৰসুন্দৰ কৈ পৰিবেশন কৰিলে| মই কেমেৰাটো উলিয়াই ফটো কেইখনমান তুলিলো| নাচৰ শেষত দাদাহঁতৰ মাই শৰাই দিওঁতে "তুমি চিত্ত" গাই বৰ সুন্দৰকৈ আশিৰ্বাদ দিলে| তাৰ পাচত মাই সিহঁতকপিঠা খাবলৈ দিলে আৰু এই ছেগতে সিহঁতৰলগত কথা পাতি জানিব পাৰিলো যে দলটোতঅকল বড়ো ছোৱালীয়েই নহয়, লগতেকচাৰী-চুতীয়া-বিহাৰী-নেপালী ছোৱালীও আছে| সকলোৱে একেলগে মিলি ঘৰে ঘৰে বাগড়োম্বা নাচি ফুৰিছে| আকৌসিহঁতৰগ্ৰুপ ফটো ল'লো, খুব ফুৰ্তি পালে| কেইজনীমানে লাজ কৰিলে; ফটো নুঠিলে| ভিতৰুৱা গাঁওখনৰবিভিন্ন জাতি-উপজাতিৰ এইকনকন ছোৱালীকেইজনীৰ মিলাপ্ৰীতি দেখি ভাল লাগিল| সন্ধিয়া গিৰিন্দ্ৰদাৰ ভনীয়েক ৰুমীয়ে পেহীয়েকৰ ঘৰতফুৰাবলৈ লৈ গ'লজয় পুখুৰীৰপাৰে পাৰে বড়ো সাহিত্য সভা অনুষ্ঠিত হোৱা পথাৰখনৰমাজেৰে| পেহীৰ ঘৰতগৈহে জানিব পাৰিলো তেওঁ এগৰাকী বড়ো মহিলা| তেওঁৰ ভাই-ভনী নথকাৰবাবে সৰুতে গিৰিন্দ্ৰদাৰ দেউতাককে ককায়েক হিচাপে মানিছিল| আৰু আজি সেই সম্পৰ্কই দাদাহঁতৰ পেহা-পেহী পৰ্যায় পাইছেগৈ| দুগৰাকী বড়ো আৰু অবড়োৰমাজৰ এইসম্পৰ্কৰ কথা জানি বহুত ভাল লাগিল| সকলোৰে যদি এনে সম্পৰ্ক থাকিলহেঁতেন! গিৰিন্দ্ৰদাহঁতৰ এইসম্পৰ্ক পুৰুষে পুৰুষে বৰ্তি থকাৰ কামনা কৰিলো| পেহীৰ ঘৰতআমাকতিল পিঠা, নাৰিকলৰ লাড়ু আৰু বৰা চাউলৰসান্দহ জলপানেৰে আপ্যায়ন কৰিলে| বড়ো মানুহ এঘৰত আমি এনে জলপানপাই সচাঁই আচৰিত আৰু বহুত আনন্দিত হৈছিলো| পেট ভৰি আছিলযদিও তেওঁলোকৰ এনে আপ্যায়নৰ বাবে উৎসাহতে তেওঁলোকে বেয়া পাব বুলি আমি জলপানখালো| তাতে বহি থাকোতেই পদুলিৰে খিলখিলাই সোমাই আহিলএজাকবড়ো গাভৰু| ভাবিলো বাগড়োম্বা নাচিব| কিন্তু মেখেলা-চাদৰ পিন্ধা গাভৰুজাকে আৰম্ভ কৰিলে "দেউতাৰ পদুলিত গোন্ধাইছে মাধুৰী"| তাৰপাচত গায় গ'ল এটা এটাকৈ কেইবাটাও ন-পুৰণিবিহুগীত| বড়ো গাভৰুৰ এইবিহু উপভোগকৰি বুকুখন একেবাৰে কেনেবা কেনেবা লাগি গৈছিল| এহাতে গৰ্বত বুকুফুলি গৈছিল, আনহাতে ধিক্কাৰো জন্মিছিল| এইবাৰৰ বিহুৰ এইবিশেষ দিনটো মোৰ বাবে চিৰ স্মৰণীয় হৈ ৰ'ব|অবড়ো-বড়োৰমাজৰ এই ককাই-ভনীৰ সম্বন্ধ, বড়োৰ বিহু নাচ আৰু অবড়োৰবাগড়োম্বা বিয়পি পৰক সমগ্ৰ অসম জুৰি...


18 April, 2014

মোৰ আজন্ম প্ৰেম বৰষুণ

মোৰ আজন্ম প্ৰেম বৰষুণ
-----------------
বৰষুণ
বৰষুণ
বৰষুণ মোৰ প্ৰিয়
বৰষুণ মোৰ প্ৰিয় সহচৰ
বৰষুণ মোৰ সুখৰ দিনৰ সহচৰ
বৰষুণ মোৰ দুখৰ দিনৰ সহচৰ
বৰষুণ মোৰ চিৰ সহচৰ
বৰষুণে সাবটে মোৰ দেহ
বৰষুণে সাবটে মোৰ মন
বৰষুণে চিনি পায়
মোৰ দেহৰ প্ৰতিটো ভাঁজ
মোৰ মনৰ প্ৰতিটো সাঁচ
বৰষুণে ঢাকি ধৰে চকুলো
চকুলো বৰষুণ হয়
বৰষুণে কৈ যায়
চকুলোৰ বিষাদ গাঁথা
বৰষুণে গায় যায়
বৰ্ষাস্বপ্নৰ গান
বৰষুণে ধুই লৈ যায়
বিষাদৰ ধুলিয়ৰি বাট
যি বাটেৰে ৰুনজুন নেপুৰ বজায়
বৰষুণে গায় যায়
ন-অংকুৰিত এবুকু সপোন গান
আঃ বৰষুণ
বৰষুণ
বৰষুণ
মোৰ আজন্ম প্ৰেম
বৰষুণ


8 May, 2014

ক্লান্ত শিৰাত তৰুণ তেজ দৌৰা কবিজন

ক্লান্ত শিৰাত তৰুণ তেজ দৌৰা কবিজন
~~~~~~~……………………………~~~~~~~~
(দ্বিতীয় মৃত্যু তিথিত হীৰুদাক স্মৰণ)

শৈশৱতে শুনিছিলো এটা নাম 'হীৰুদা'। তেতিয়া ভাবিছিলো এই কবিতা লিখা দাদাজন কেনেকৈ সকলোৰে দাদা হয় বাৰুঃ দেউতাৰো দাদা মোৰো দাদা! কুইজ প্ৰতিযোগিতাসমূহত উৰি ফুৰা দেখিছিলো এজনী পখিলাঃ 'সুগন্ধি পখিলা'। তেতিয়া ভাবিছিলো কেনেকুৱা গোন্ধাই বাৰু এই সুগন্ধি পখিলাজনী! পঞ্চম শ্ৰেণীত পঢ়োতে প্ৰথম পাইছিলো সুগন্ধি পখিলাৰ গোন্ধঃ দাদাৰ হাইস্কুলৰ কিতাপত- 'মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ'। তাৰ পাছত কৈশোৰত লুকাই লুকাই প্ৰেমৰ কবিতা পঢ়াৰ দিনত পিন্ধি লৈছিলো এটা কামিজঃ যি 'আৱৰণ খুলি হৃদয় জুৰায়'।তেতিয়াই এখন কিতাপ পাইছিলো- 'ভালপোৱাৰ বোকামাটি'; লুতুৰি পুতুৰি হৈছিলো সেই বোকামাটিত।
শৈশৱৰ পৰাইকবিতা বুলিলেই মোৰ বাবে বিকল্পহীন মোৰ প্ৰিয় কবিজনক প্ৰথম লগ পাইছিলো তেখেতৰেই স্নেহতীৰ্থত। গোলাঘাটত অনুষ্ঠিত "কবি কণ্ঠত কবিতাঃ হীৰুদাৰ স্ব-নিৰ্বাচিত কবিতা পাঠ" শীৰ্ষক অনুষ্ঠান এটাৰ বাবে তেখেতক গুৱাহাটীৰ পৰা আগবঢ়াই আনিবলৈগৈছিলো। প্ৰথম দেখাতে সে জীৰ্ণ-শীৰ্ণ বিখ্যাত কবিজনে মোৰ মনত কবি হিচাপে নহয়, এজন আতি সহজ-সৰল, আন্তৰিকতাপূৰ্ণ ব্যক্তি হিচাপেহে ৰেখাপাত কৰিলে। তেতিয়াৰে পৰা তেখেতৰ লগত ক্ৰমে ক্ৰমে মোৰ সম্পৰ্ক গাঢ় হৈ পৰিল। প্ৰায়ে ফোনত কথা পাতিছিলো। গুৱাহাটী গ'লেই স্নেহতীৰ্থত এপাক সোমাই আহিছিলো। হীৰুদাই আড্ডা দি বৰ ভাল পাইছিল।তেখেত বৰ ৰসাল মানুহ আছিল,কথা বিলাক ৰসলগাই ক'ব জানিছিল। তেখেতে আড্ডাত কোৱা কথা কেইটামানকোৱাৰ লোভ সামৰিব নোৱাৰিলোঃ এবাৰ হীৰু দা ট্ৰেইনত কলকাতাৰ পৰা অকলে আহিবলৈ লৈছে।যথা সময়ত নিজৰ চিটত বহিলহি। তেনেতে এজন মাৰোৱাৰীয়ে আহি তেখেতক সুধিলে বোলে 'চিট হৌগা' হীৰুদাই বোলে 'হৌগা'। তেনেদোৰে বাৰে বাৰে সুধি থকাৰ কাৰণে হীৰুদাই মানুহজনককাষতে বহিবলৈ দিলে। আচল কথাটো হীৰুদাই পাছতহে জানিব পাৰিলে। কথাটো হ'ল হীৰুদাই বোলে এটা ক'লা কোট পিন্ধি আছিল আৰু আহিবৰ সময়তে বুটাম এটা চিগাত কোনোবা এজনে লৰালৰিকৈ লগাই দিয়া বুটামটোত লিখা আছিল 'ইণ্ডিয়ান পুলিচ'! গতিকে মানুহজনে হীৰুদাক টিটি বুলি ভাবিলে।
এবাৰ মানুহ এজনে হীৰুদাক সুধিলেহি- 'সিবিধৰ বৰাৰ ঘৰ কোনটো' হীৰুদাই বোলে সিবিধৰ মানে তেখেত কোন বিধৰ এতিয়া! আচলতে নামটো হেনো শিবিধৰ বৰা আছিল। এবাৰ হীৰুদাই চুলি কটাবলৈ চেলুন এখনলৈ গ'ল। আগফালে লিখা আছে- 'ইয়াত আৰামত চুলি কটা হয়'। হীৰুদাই সোমাই গৈ নাপিতজনক সুধিলে 'আৰাম কাৰ তোমাৰ নে মোৰ'! মই হয়তো কথা বিলাক ৰসলগাকৈ লিখিব পৰা নাই! কিন্তু হীৰুদাৰ মুখৰ পৰাএইবিলাক কথাই ৰসাল হৈ ওলাইছিল।শেষ আৰু এটাঃ নৱবৰ্ষৰ বিশেষ সংখ্যাৰ বাবে বাতৰি কাকতৰ সাক্ষাতকাৰ। সাংবাদিকৰ প্ৰশ্ন- 'নতুন বছৰত হীৰুদাই কি বিচাৰে' হীৰুদাৰ চমু উত্তৰ- 'এখন নতুন কেলেণ্ডাৰ'!
.কবি হিচাপে হীৰুদা যিমান ডাঙৰ কবি, সাধাণ মানুহ হিচাপে তেখেত সিমানে সহজ-সৰল, অমায়িক। তেখেতৰ এই সৰলতাই তেখেতক কবি হিচাপে অধিক মহীয়ান কৰি তুলিছেঃ 'কবি মই নাছিলো কোনো কালে'। হীৰুদা আৰু বৰমাৰ মৰম-আন্তৰিকতাই মোক বাৰে বাৰে স্নেহতীৰ্থলৈ টানি নিছিল। সেয়েহে গুৱাহাটীলৈ গ'লে তালৈ নোযোৱাকৈ থাকিব নোৱাৰিছিলো। আগতেই কৈছো হীৰুদাই আড্ডা দি বৰ ভাল পাইছিল।বৰমাৰ হাতৰ চাহৰ জুতি লৈ লৈ আমিআড্ডাত বহিছিলো। সাম্প্ৰতিক আৰ্থ-সামাজিক, ৰাজনৈতিক অৱস্থাৰ পৰা বিভিন্ন ৰসাল বিষয় আৰু অৱশ্যেই সাহিত্যৰ কথাই আমাৰ আড্ডাত ঠাই পাইছিল। তেখেতে সকলো সময়তে নিজৰ কবিতাৰ কথা পাতিবেয়া পাইছিল। সেয়েহে তেখেতে নিজে কবিতাৰ কথা ওলিয়ালেহে মই তেখেতৰ কবিতাৰ বিষয়ে থকা খু-দুৱনি মাৰিছিলো। তেখেতৰ সৰু সৰু অথচ নিতোল কবিতা বিলাকৰ নিভাঁজ অসমীয়া শব্দবোৰৰ কথা মই প্ৰায়ে কৈছিলো। তেতিয়া তেখেতে কয়- 'শব্দবিলাক নাইকিয়া হৈ গৈছে,সেয়েহে তোমালোকে জানিবৰ বাবেই লিখো'। হীৰুদা আছিল চিৰ তৰুণ। তেখেতৰ স্বাস্থ্য ভাগি পৰিছিল যদিও দেহত সদায় দৌৰি আছিল তৰুণ তেজঃ 'মোৰ ক্লান্ত শিৰাৰ তৰুণ তেজ, কোন জোৱাৰৰ বাবে উদ্বেগ'। .মনৰ জোৰতেই তেখেতে ভগ্ন স্বাস্থ্যক বহু পৰিমাণে সবলকৰি ৰাখিছিল। কিন্তু লাহে লাহে হীৰুদাৰ স্বাস্থ্য একেবাৰে ভাগি পৰিছিল। চিকিৎসালয়তো থাকিব লগা হৈছিল।ঘূৰি অহাৰ পাছত খবৰ ল'বলৈ যাওঁ হাঁহি হাঁহি কৈছিল-'বুজিছা আশীত ভৰি থ'লো, মনত থকাৰপৰা হস্পিতেলত থকা মনত নাই,এইবাৰহে থাকিলো।' হীৰেন ভট্টাচাৰ্য বহুত ডাঙৰ মানুহ আছিল যদিও মই দেখা হীৰুদা কিন্তু শিশু আছিল। তেখেতক সকলো সময়তে যত্ন লৈ থাকিব লাগিছিল, নিয়ন্ত্ৰণ কৰি থাকিব লাগিছিল। খেয়ালী মনৰ বৰদেউতাক নিয়ন্ত্ৰণ কৰি তেখেতৰ জীৱনটোক শৃংখলিত কৰি ৰাখিছিল এগৰাকী নাৰীয়ে। তেখেত হ'ল বৰমা পাৰুলদেৱী। হীৰুদাই তেখেতক ধেমালিতে 'হেড মাষ্টৰণী' বুলিছিল। প্ৰায়ে চাহকাপ দিবলৈ আহি বৰমাও আমাৰ আড্ডাত বহিছিলহি। কৈ গৈছিল বৰদেউতাৰ খেয়ালী মনৰ কথা,শিশু সুলভ কাৰুকাৰ্য বিলাকৰ কথা। বৰদেউতাই শুনি মিচিক মিচিক হাঁহি থাকিছিল আৰু মাজে মাজে কোনো কথাত মৃদু আপত্তি কৰি উঠিছিল।
'পৃথিৱী মোৰ কবিতা' বুলি কোৱা হীৰুদাৰ বাবে কবিতাই আছিল জীৱন। এই জীৱন এৰি 'উভতি যে মই আহিব নোৱাৰো' বুলি হীৰুদা গুছি যোৱা দুবছৰেই হ'ল। দিন হিচাপে হীৰুদাক বেছি দিন লগ পোৱা নাছিলো। কিন্তু যি কেইদিন বাবে লগ পাইছিলো, সেইকেইদিনতে তেখেতে মোৰ বুকুৰ গভীৰতলৈ শিপাই শিপোৱাদি শিপালে। হীৰুদাই এই সান্নিধ্য মোৰ বাবে আজীৱন স্মৰণীয় হৈ ৰ'ব।


4 July, 2014

অসম-নাগালেণ্ড সীমান্তৰ সন্ত্ৰাসজৰ্জৰ উৰিয়ামঘাট

আজি অসম-নাগালেণ্ড সীমান্তৰ সন্ত্ৰাসজৰ্জৰ উৰিয়ামঘাট গৈছিলো। আশ্ৰয় শিবিৰত থকা সকলৰ অৱস্থা দেখি বাকৰুদ্ধ হৈ পৰিলো। কিছু চাউল, চিৰা, অলপ কাপোৰ দিলো এ আই এছ এফৰ হৈ।কিন্তু সেয়া এপাচি শাকত মাথো এটা জালুক। পাঁচটা আশ্ৰয় শিবিৰলৈ গ'লো। তাৰে এটা শিবিৰলৈ সোমাই যাওঁতে এইগৰাকী মহিলাই আগবাঢ়ি আহি সুধিলেঃ কিয় আহিছে? আমাক খেদিবলৈ আহিছে নেকি? মই হতভম্ব হৈ পৰিলো। ক'লোঃ নহয়, নহয়! আমি আপোনালোকৰ খবৰ কৰিবলৈহে আহিছো। তেতিয়া তেওঁ কৈ গ'ল তেওঁলোকৰ দুখৰ কথা। তেওঁ আছিল নগাই প্ৰথম সন্ত্ৰাস আৰম্ভ কৰা চেতিয়া গাঁওৰ বাসিন্দা। ক'লে কেনেদৰে চি আৰ পি এফৰ সন্মুখতে নগা কামাণ্ডেন্টৰ সহযোগত এন এছ চি এনে তেওঁলোকক লক্ষ্য কৰি গুলি চলাইছিল, তেওঁলোকৰ ঘৰ জ্বলাইছিল।তেওঁ ক'লেঃ আমি এতিয়া কি কৰিম। জীৱনটো হাতৰ মুঠিত লৈ পলাই আহিলো। এই অৱস্থাত গাঁৱলৈ কেনেকৈ ঘুৰি যাম? আজি আপোনালোক আহিছে, সকলোৱে ভাত-কাপোৰ দিছে। কিন্তু কেইদিন দিব? সদায়তো দিব নোৱাৰে! ক'ত থাকিম, কি খাম, আমাৰ ল'ৰা-ছোৱালীৰ ভৱিষ্যত কি হ'ব বুলি মানুহগৰাকীয়ে চকুপানী টুকিলে। সান্তনা দিবলৈ মোৰ মুখত ভাষা নাছিল। তেওঁ আকৌ ক'লেঃ আজি মুখ্যমন্ত্ৰী আহিলে। পাঁচ মিনিটো নৰ'লে আমাৰ ওচৰত। সেয়ে ৰাইজৰ খং উঠিল আৰু তেওঁৰ এই অৱস্থা হ'ল। তেওঁ আমাক একো দিব নালাগে। মাত্ৰ মাত এষাৰ দিয়ক। সেয়াই আমাৰ বাবে সান্তনা, সেয়াই আমাৰ বাবে আশা! নিৰাপত্তা দিয়াটো পাছৰ কথা তেওঁ যদি আমাক এইকন সান্তনা-আশা দিব নোৱাৰে, তেন্তে আমাক লাইন পাতি গুলিয়াই মাৰি পেলাওক। মানুহগৰাকীৰ এই কথা শুনি দুচকু পানীৰে ভৰি পৰিল। কি ক'ম ভাবি নাপালো। আমি আছো আপোনালোকৰ লগত। সকলো ঠিক হৈ যাব বুলি কৈ তেওঁৰ ওচৰৰ পৰা পলাই আহিলো।

18 Aug, 2014

ৰ'দ

ৰ'দ
~~~~~
তই অভিমান কৰিলে ভাল লাগে
অভিমানবোৰ এথোপা ডাৱৰ হৈ
তোৰ দুগালত ওলমে
মই সেউজীয়া বাঁহীটো বজালে
অভিমানবোৰ হঠাত বৰষুণ হৈ নামি আহে
আৰু ছৌফলীয়া ৰ'দ এজাকে
দুখন আকাশ উজলাই তোলে

প্ৰসংগঃ "মোৰ মিনতি"


প্ৰসংগঃ "মোৰ মিনতি"

জুবিন গাৰ্গক মই ভাল পাওঁ। কিন্তু অন্ধ ভাৱে নহয়। তেওঁ কৰা বেয়া কাম বিলাকৰ বাবে বেয়াও পাওঁ। জয়ন্ত হাজৰিকা মোৰ জুবিন গাৰ্গতকৈও প্ৰিয়। সৰুৰে পৰা জুবিন গাৰ্গৰ গান শুনো। কিন্তু জয়ন্ত হাজৰিকা সুশৰীৰে নাই যদিও তেতিয়াই চিনি পাইছিলো আৰু গানবিলাকো শুনিছিলো। কেছেটৰ বকলাৰ পৰা তেতিয়াই মনে মনে কাটি নিজে ফ্ৰেমিং কৰি লোৱা তেওঁৰ স্কেচ এখন এতিয়াও মই সযতনে ৰাখিছো। এজন সাধাৰণ শ্ৰোতা হিচাপে কওঁ মই জুবিন গাৰ্গতকৈ জয়ন্ত হাজৰিকাক বেছি ভাল পাওঁ
। মই নাভাবো জুবিন গাৰ্গে গালেই জয়ন্ত হাজৰিকাৰ গানৰ কিবা হীন-দেঢ়ি ঘটিব। মই এতিয়াও তেওঁৰ গান অৰিজিনেল ট্ৰেকত শুনো আৰু জুবিন গাৰ্গে গোৱাৰ পাছত সেইটোও শুনিম, অৰিজিনেল ট্ৰেকো শুনিম। মই ভাবো অৰিজিনেল ট্ৰেক শুনা সকলে জুবিন গাৰ্গৰ "মোৰ মিনতি" শুনাৰ পাছতো অৰিজিনেল ট্ৰেক বাদ নিদিয়ে। বৰঞ্চ জুবিন গাৰ্গৰ "মোৰ মিনতি" শুনাৰ পাচত অৰিজিনেল ট্ৰেক নোশুনা বহুতেও জয়ন্ত হাজৰিকাৰ অৰিজিনেলটোনো কেনেকুৱা বুলি বিচাৰি শুনিবহে। জুবিন গাৰ্গে গাওঁকে বা নাগাওঁকে জয়ন্ত হাজৰিকাৰ গান কেতিয়াও হেৰায় নাযায়। জয়ন্ত হাজৰিকা অসমীয়াৰ বুকুৰ শিল্পী,তেওঁ গান অসমীয়াৰ সম্পত্তি। কিন্তু যিহেতু গানসমূহ কপিৰাইট আইনৰ আওতাত আছে, গতিকে আবেগিক ভাৱে নহয় আইন মতে এই সমস্যা সমাধান হ'ব লাগিব। কাৰণ আইন সকলোৰে উৰ্ধত। দুয়োপক্ষই দুয়োপক্ষৰ কিছুমান বেয়া লগা আৰু "মোৰ মিনতি"ৰ সৈতে কোনো সম্পৰ্ক নথকা অপ্ৰসংগিক কথাৰে অযথা বিতৰ্ক কৰি আছে। আহক সকলোৱে বিতৰ্ক এৰক আৰু দুয়োজনকে আমি একেলগে অনুৰোধ জনাওঁ - "জুবিন গাৰ্গে অনুমতি বিচাৰক, মনিষা হাজৰিকাই অনুমতি দিয়ক আৰু আমি মোৰ মিনতি শুনো"। এয়াহে জয়ন্ত হাজৰিকাৰ প্ৰতি প্ৰকৃত সন্মান আৰু শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব।

(এইফালে "মোৰ মিনতি"ৰ কপিৰাইট কপিৰাইট বুলি বিতৰ্ক কৰি থাকোতে সিফালে জুবিন গাৰ্গৰ কণ্ঠৰ জয়ন্ত হাজৰিকাৰ এটা গান ইউটিউবত আপল'ড হ'লেই!)
19 Sept, 2014