এজাক বৰষুণৰ পক্ষপাতিত্ব আৰু এহাল চৰাইৰ এটা বাহ
~~~~~~~~~~~~~~~~~~~~~~~~~~~
কালি দুপৰীয়া আমাৰ ইয়াত এইবাৰৰ আটাইতকৈ ডাঙৰ বৰষুণ জাক দিলে| ইয়াত বুলি
নকৈ গোলাঘাটত বুলিও ক'ব পাৰিলোহেঁতেন| কিন্তু বতৰ সলনি হ'ল| বৰষুণৰ ৰূপ
সলনি হ'ল| বৰষুণে আজিকালি পক্ষপাতিত্ব কৰে| আধা কিঃমিঃ-এক কিঃমিঃৰ দুৰত্বৰ
অন্তৰে অন্তৰে ক'ৰবাত বৰষুণ দিয়ে ক'ৰবাত নিদিয়ে| গতিকে ৰাস্তাৰে তেৰ
কিঃমিঃ দুৰৰ আৰু পাঁচ কিঃমিঃৰ এৰিয়েল ডিষ্টেনচ্ (অসমীয়াত কি কয় নাজানো)ৰ
গোলাঘাট নগৰত বৰষুণ দিছেনে নাজানো| বতৰৰ পৰিবৰ্তনৰ এ
ই
ঘটনাৰ সাক্ষী হ'লো আচৰিত ধৰণে| ঘটনাটো এনেধৰণৰঃ দুপৰীয়া ভাত খাই উঠোতেই
আৰম্ভ হ'ল এজাক কলহৰ কাণে ঢলা বৰষুণ| বাৰান্দাত বহি বৰষুণজাক উপভোগ কৰাত
লাগিলো| সুখী হ'লো বৰষুণজাক অহাত| পানীৰ অভাৱত হাল বায় থোৱা কঠিয়ানী
ধুলিয়ৰি হৈ আছিল| মেচিনেৰে পানী উঠোৱাৰ কথা ভাবিছিলো আৰু! পিছে বৰষুণজাক
অহাৰ বাবে ৰক্ষা পালো| এইবিলাক ভাবি বহি থাকোতেই বৰষুণজাক কমি চিপচিপীয়া
হ'ল| কিন্তু হঠাত দেখিলো আমাৰ কাষৰ ঘৰৰ চোতালত তেতিয়াও দোপালপিটা বৰষুণ!
এনেদৰে আমাৰ ঘৰত চিপচিপীয়া আৰু কাষৰ ঘৰত দোপালপিটা বৰষুণ প্ৰায় পোন্ধৰ
মিনিটমান দিলে| বৰষুণৰ এই পক্ষপাতিত্ব দেখি আমোদো পালো, আচৰিতো হ'লো আৰু
চিন্তিতও হ'লো| তাৰপাছত আকৌ আৰম্ভ হৈ গ'ল কলহৰ কাণে ঢলা বৰষুণ|
বৰষুণ চায় থাকোতেই মনত পৰিল ফুলনিৰ জবাজোপাত বাহ বন্ধা অকনমানি চৰাই হালৰ
কথা| এই দোপালপিটা বৰষুণত সিহঁতৰ অৱস্থা কি বা হৈছে! বাহত থকা কণীকেইটাৰে
বা অৱস্থা কি হৈছে! পিছে বৰষুণ ইমানেই ডাঙৰ যে সিহঁতক চাবলৈও যাব নোৱাৰো|
বাহটোত কণী কেইটা আছিল জনা নাছিলো| চৰাইহালে ভয় খাব বুলি চোৱা নাছিলো যদিও
দুৰৰ পৰা সদায় চায় থাকো| চৰাইজনীয়ে উমনি দি থাকে| পোৱালি হ'লে চাম বুলি
ভাবি আছিলো| কিন্তু এই বৰষুণ সিহঁতৰ অৱস্থা কি হ'ব বুলি চিন্তিত হৈ
পৰিছিলো| সিহঁতৰ কথা ভাবি ভাবিয়ে বিচনাত পৰিলোগৈ আৰু টোপনি গ'লো| আবেলি
সাৰ পায়ে ফুলনিলৈ দৌৰিলো| দেখিলো গছজোপাৰ বাহ থকা ডালটো হাওলি গ'ল| বাহটো
ঠিকে আছে যদিও তাৰ ওপৰত থকা পাতখিলা চিঙি গ'ল| চৰাইহালৰ উমঘাম নেদেখি চকী
এখনত উঠি বাহটো চালো| বাহত চকু নেমেলা দুটা অকনমানি পোৱালি আৰু এটা কণী
দেখি ভাল লাগি গ'ল| যি নহওক চব ঠিকে আছে| ভালদৰে চাই দেখিলো পোৱালি দুটা
আজিহে কণীৰ পৰা উলাইছে| এনেতে চৰাইহাল ওলালহি| মই আঁতৰি দিলো| মাক-বাপেকে
পোৱালিহালক টোপ খোৱাই আকৌ ভুৰুংকৈ উৰা মাৰিলে| মই ডালটো পোনাই দি এটা ভৰা
মন লৈ আঁতৰি আহিলো|
(চৰাইবিধৰ নাম ORIENTAL WHITE-EYE. আমাৰ ইয়াত চটচটি বুলি কয়)
10 June, 2014