Friday, December 30, 2016

সাপ উদ্ধাৰৰ অভিযান‌‌

সকলোৱে ভয় কৰা এবিধ প্ৰাণী সাপ। মোৰো ভয় লাগে। কিন্তু কিবা আকৰ্ষণ এটাও আছে। ডিস্ক'ভাৰী বা এনিমেল প্লেনেটৰ সাপৰ অনুষ্ঠানবোৰ প্ৰয়ে চাওঁ। ক'ৰবাত সাপ দেখিলেই যিমান পাৰি ওচৰলৈ গৈ চাবলৈ চেষ্টা কৰো; কেতিয়াবা মোৰ পইন্ট এণ্ড শ্বুট কেমেৰাটোৰে বা মোবাইল কেমেৰাটোৰে ফটো তুলিবলৈ চেষ্টা কৰো। সাপ দেখিলেই সকলোৱে ধ‌ৰ-ধৰ মাৰ-মাৰ কৰে যদিও মই মাৰিবলৈ নিদিওঁ। সেয়ে আজিকালি সকলোৱে সাপ দেখিলেই মোক চাবলৈ, ফটো তুলিবলৈ মাতে। এদিন আবেলি প্ৰায় তিনি বাজিছে। মই তেতিয়া টাউনত‌। ঘৰৰ পৰা ফোন কৰি ক'লে‌ সাপ এটা জালত লাগি ধৰিল। মই নামাৰিবলৈ কৈ ঘৰলৈ গৈ আছো বুলি ক'লো। কিন্তু কামৰ লেঠাত ঘৰ গৈ পাওঁতে সন্ধ্যা আঠ বাজিল। ঘৰত আহি জানিব পাৰিলো যে পুখুৰী পাৰত শংখচূড় (banded Krait) সাপ এটাই ঢোৰা সাপ এটা খেদি আনোতে তাতে পৰি থকা খেৱালি জাল এখনৰ তলত লুকাল। শংখচূড়টোৱেও জালত তলত সোমাই গৈ ঢোৰা সাপটো মাৰিলে। কিন্তু জালখনত জোটপোট খায় তাৰ পৰা ওলাব নোৱাৰা হ'ল। মই চাবৰ বাবে যাবলৈ ওলালো যদিও তেতিয়া আন্ধাৰত মই বেছি ওচৰলৈ যাম বুলি যাবলৈ নিদিলে। পাছদিনা ৰাতিপুৱা শুই উঠিয়ে পুখুৰী পাৰ পালোগৈ। দেখিলো সাপটো জালখনত বেয়াকৈ লাগি ধৰি আছে। বেছিকৈ জোঁটপোট নালাগিবৰ বাবে আগদিনা জালখন জেওৰাত ওলোমাই থৈ গৈছিল। সাপটো জালৰ পৰা কেনেকৈ এৰুৱাম একো ঠিক কৰিব নোৱাৰি সাপ সম্পৰ্কে কিছু জ্ঞান থকা বন্ধু এজনলৈ ফোন কৰিলো। কিন্তু তেওঁ ফোন ৰিচিভ নকৰিলে। কি কৰো ভাবিলো। হাতেৰে চুই এৰোৱাই দিবলৈ ভয়ো লাগিল, ঘিণও লাগিল; যদিও সাপ এবিধ অতি পৰিস্কাৰ কৈ থকা জীৱ। অৱশেষত এটা পৰিকল্পনা কৰিলো। তিনিডাল জেওৰা খুটি গুটালো। এখন নতুন ব্লেড ভাঙি তাৰে এফাল জেওৰা খুটি এটাৰ মূৰটো অলপ ফালি ভালদৰে বান্ধি ল'লো। বাকী জেওৰা খুটি দুডালেৰে দুজনক সাপডাল হেঁচা মাৰি ধৰিবলৈ দিলো। এজনে গাটো আৰু এজনে মূৰটো ধৰিলে। সাপটোৰ দেহটো কেইবাঠাইটো জালত লাগি ধৰি আছিল। তাৰ পৰা ওলাবলৈ চেষ্টা কৰোতে মুখখনো বেয়াকৈ লাগি ধৰিছিল। তাৰ পাছত মই লাহে লাহে জেওৰা খুটিৰ আগত বন্ধা ব্লেডেৰে জাল কাটিবলৈ চেষ্টা কৰিলো। প্ৰথমে সাপটোৱে লৰচৰ কৰি কাটিবলৈ দিয়া নাছিল। কিন্তু পাছত সি বুজি পালে নেকি যে আমি তাক উদ্ধাৰৰ চেষ্টা কৰিছো! সি লৰচৰ নকৰাকৈ ৰৈ দিলে। মই লাহে লাহে অতি সাবধানে সাপটোৰ গা নকটাকৈ জাল কাটিবলৈ ধৰিলো। গাটো মুকলি কৰাৰ পাছত মূৰ আৰু মুখত লাগি ধৰাখিনি কাটিলো। কিন্তু মুখত জালখন অতি বেয়াকৈ লাগি ধৰাৰ বাবে এৰোৱাওতে হয়তো তাৰ অলপ দুখ পালে। তিনিজনৰ বহু চেষ্টাৰ মূৰত সাপটো মুকলি হ'ল। কিন্তু মুকলি হোৱা পাছতো সি লৰচৰ কৰা নাছিল। হয়তো অতি দুৰ্বল হৈ পৰিছিল। লাঠি এডালেৰে অলপ লৰচৰ কৰি দিওঁতে সি যাবলৈ আৰম্ভ কৰিলে। প্ৰথমেই সি গৈ পুখুৰীটোত নামিলগৈ। পানী খালে খুবসম্ভৱ। তাৰপাছত লাহে লাহে কাষৰ বাহনি ডৰালৈ উঠি আমাৰ ফালে মুখ কৰিলে। ধন্যবাদ জনালে নিশ্চয়! তাৰপাছত সি বাহনি ডৰালৈ সোমাই গ'ল। ২০১২ৰ আজিৰ দিনটোতে ঘটা এয়াই আছিল সাপ উদ্ধাৰৰ অভিযান!