Wednesday, May 24, 2017

মৰমৰ মাত

হোষ্টেলৰ পৰা ওলাই অকণমান আহোঁতেই কাণত পৰিল বৰ মৰমেৰে কোনোবাই কৈছে "বাই বাই... "। শব্দৰ উৎসৰ ফালে চাই দেখোঁ হোষ্টেলৰ কাষৰ মানুহঘৰৰ প্ৰকাণ্ড লোহাৰ গেটখনত ধৰি ঠিয় হৈ আছে কণমানিজনী। তাইয়েই মোক ইমান মৰেমেৰে "বাই বাই" দিছে।
এইজনীয়ে সেই কণমানিজনী যাক মই ঠিক দুৰ্গাপূজাৰ পিছৰ পৰাই দেখি আহিছো। হয়তো বন্ধবোৰ একেলেঠাৰিয়ে থকা বাবেই। বয়স ৩/৪ বছৰমান হ'ব। কেতিয়াবা দেখো বায়েকৰ লগত ঘৰৰ আগত ৰাখি থোৱা বালিৰ দ'মত খেলি থকা, কেতিয়াবা দেখো তাইৰ দৰেই কণমানি কুকুৰ পোৱালি এটাৰ লগত খেলি থকা, কেতিয়াবা দেখো ওচৰতে ৰখাই থোৱা ৰিক্সাকেইখনত উঠা-নমা কৰি খেলি থকা আৰু কেতিয়াবা ঘৰৰ সন্মুখত পৰি থকা চিপছৰ পেকেট বা অন্য কাগজ আদি বুটলি কাষৰ নলাটোত পেলাই থকা। আনকি সৰু মৰটনৰ পেকেটটোও সাৰি নাযায়। তাইক দেখি মনত ভাৱ হয় এই সৰু ছোৱালীজনীয়ে কেনেকৈ এইবোৰ ভাবি পায়, য'ত নেকি আমি দাঙৰবোৰেই বহুতে পাহৰি যাওঁ। মোক দেখিলে দুইজনীয়ে অলপকৈ হাঁহে। হয়তো নিজৰ ভিতৰতে কিবা কথা পাতে। সিহঁতক দেখিলে ক'ব নোৱাৰাকৈয়ে মোৰো ওঁঠত এক হাঁহি বিয়পি পৰে। কিন্তু আজিলৈকে মাতি পোৱা নাছিলো।
মই ওলাই আহিয়ে বায়েকক স্কুললৈ যোৱা দেখিলো। হয়তো বায়েকক বিদায় দিবলৈ আহিয়ে তাই গেটখনত ধৰি থিয় হৈ আছিল। হয়তো ৰাস্তাৰ মানুহ চাইছিল। কিন্তু ৰাতিপুৱাই এই কণমানিজনীৰ মৰমসনা মাতটোৱে যেন মোৰ দিনটোৱেই সুন্দৰ কৰি তুলিলে। মনটো ভাল লাগি গ'ল। মই ক'ব নোৱাৰাকৈয়ে দিনটোলৈ কাম কৰিবলৈ এক নতুন উদ্যম পালো। অলপ স্বাৰ্থপৰতাৰে হ'লেও মনটোৱে বিচাৰিল, তাই যেন সদায় মোক এনেকৈ "বাই বাই" দিয়ে!!!

(3 Nov 2016)

তেওঁৰ নে মোৰ?


বাছখনত উঠিয়ে চিনাকি মুখখন চকুত পৰিল।সেই একেই ৰঙাত নীলা ৰঙৰ পথালি আঁচ থকা স্পৰ্টিং, ধোঁৱা/গ্ৰে ৰঙৰ পেন্ট, অলপ দীঘলকৈ থকা কেঁকোৰা চুলি আৰু হাতত এটা ফাষ্টট্ৰেকৰ পিঠিত লোৱা বেগ। প্ৰায়ে দেখো তেঁওক, সদায় এই একেই সাজপাৰ একেই ৰূপ। কেতিয়াবা বেলতলা তিনিআলিত উঠা বাছখনত পাঁও, কেতিয়াবা বশিষ্ঠ চাৰিআলিৰ পৰা উঠাখনত আৰু কেতিয়াবা দুয়োখনতে। মোৰ অফিচৰ সময় নটা। হয়তো তেওঁৰো। ট্ৰেকাৰত উঠা তেঁওক দেখা নাই। মই হাঁহি এটা মাৰিলো। মোক মহিলাৰ ফালৰ ছীটকেইটালৈ আঙুলিয়াই দিলে। মই বহিলো। তেঁওক মই এনেকৈ বাছত লগ পোৱা হয়তো বিছদিনমান হৈছে। অৱশ্যে তেঁও বাছখনত থাকিলে মই অলপ সকাহ পাঁও। কাৰণ যদিও মই এই নতুন কামটোত সোমোৱা এমাহ হ'বৰ হ'ল, গাড়ীত আঁহোতে সদায় অলপ খেলিমেলি হয়। গাড়ীৰ সোঁফালে বহিলে ৰাস্তাৰ ডিভাইদাৰটোত থকা "এন. পি. এছ. "ৰ চাইনব'ৰ্ডখন চাই আৰু বাওঁফালে বহিলে "এয়াৰটেল ৩জি"ৰ চাইনব'ৰ্ডখন চাই গম পাঁও যে মোৰ নামিব হৈছে। কিন্তু "এয়াৰটেল ৩জি"ৰ চাইনব'ৰ্ড কিবা এখনেই আছেনে!! সেয়ে তেওঁ থাকিলে আৰু মোৰ চিন্তা নাই। তেওঁ নামিবলৈ যো-জা চলাওঁতেই মইয়ো লাহেকৈ আৰম্ভ কৰো। প্ৰথম কেইদিনমান মই বৰ গুৰুত্ব দিয়া নাছিলো। তেওঁ কিন্তু ঠিকেই গুৰুত্ব দিছিল মই নামিবলৈ লৈছো নে নাই (মই লক্ষ্য কৰিছিলো)।বাছৰ পৰা নামি কেতিয়াবা মই আগবাঢ়ো কেতিয়াবা তেওঁ আগবাঢ়ে।ৰাস্তাটো পাৰ হৈয়ো এবাৰ ঘূৰি চাই।(হয়তো চায় মই পাৰ হ'লোনে নাই)।এদিন তেওঁ মোৰ আগে আগে গৈ আছিল।তেনেতে তেওঁৰ সহকৰ্মী ছোৱালী এজনী লগ পালে।দুয়োজনে আকাৰে ইংগিতে কথা পাতি গৈ থাকিল।তেতিয়াহে মই অনুভৱ কৰিলো যে তেওঁ কথা ক'ব নোৱাৰে আৰু তেতিয়াই মই বুজি পালো তেওঁ কিয় বাছত সদায় ভাড়া দিয়াৰ সময়ত গন্তব্যস্থানৰ নাম নকৈ হাতৰ পাঁচটা আঙুলি দেখুৱায়(কাৰণ ইয়ালৈকে ভাড়া পাঁচটকা),কিয় হাতত লৈ থকা ছেমছাং স্মাৰ্টফোনটো কেতিয়াও বাজি উঠা দেখা নাই,কিয় ক্ষন্তেকলে হ'লেও ফোনত কথা পতা শুনা নাই।ক'ব নোৱাৰাকৈয়ে তেওঁৰ প্ৰতি মনত সহানুভূতি জাগি উঠিল।আৰু তাৰ দুদিন মান পিছৰপৰাহে মই হাঁহিৰে সম্ভাষণ জনাবলৈ আৰম্ভ কৰিছিলো।কিন্তু এতিয়া ভাবিছো সেয়া আচলতে মোৰ ভুল আছিল।তেওঁটো সাধাৰণ আন মানুহৰ দৰেই জীয়াই আছে, আন মানুহৰ দৰেই নিজে উপাৰ্জন কৰিছে তেন্তে তেওঁক সহানুভূতি জনোৱাৰ যুক্তি ক'ত? তেওঁৰ বিষয়ে অযুত প্ৰশ্ন মনলৈ আহে। যদিও তেওঁৰ অফিচৰ পৰা মোৰ অফিচলৈ মাত্ৰ দুটা বিল্ডিঙৰ দূৰত্ব তথাপি মই নাজানো তেওঁৰ কামৰ বিষয়ে। জানিবলৈ মন যায় কি কামত বা জড়িত তেওঁ, নামটো বা কি, ঘৰ বা ক'ত, মুখেৰে একো এটা নোকোৱাকৈ তেওঁ কেনেকৈ কাম কৰে, পঢ়া-শুনা বা কি কৰিলে, তেওঁৰ শিক্ষাজীৱনত যদি কিবা ব্যৱহাৰিক বিষয় আছিল তেন্তে ভাইভাত বাৰু তেওঁ কি কৰিছিল ইত্যাদি ইত্যাদি। প্ৰশ্নবোৰ প্ৰশ্ন হৈয়ে আছে এতিয়াও।
আজিৰ কথালৈ আহোঁ। বাছৰ পৰা নামি ৰাস্তাটো প্ৰায় একেলগেই পাৰ হ'লো আমি। মূল ৰাস্তাৰ পৰা সোমাই যোৱা ৰাস্তাটোত উঠিলো। কাতিমহীয়া ৰ'দ যদিও যথেষ্ট চোকা ৰ'দটোক বাধা দিবলৈ ছাতিটো মেলি ল'লো। সদায় সেই সময়ত কৰা ফোনটো কৰো বুলি ম'বাইলটো উলিয়াই টিপিবলৈ ধৰিলো। তেনেতে পিছফালৰ পৰা অ'ট' এখনে হৰ্ণ বজাবলৈ ধৰিলে। মাতটো শুনিছো যদিও ভবা নাই যে মোকে উদ্দেশ্য কৰি বজাইছে।ইতিমধ্যে মই ৰাস্তাটোৰ প্ৰায় মাজেৰে গৈ আছিলো। তেনেতে তেওঁ হাতখন দাঙি মোৰ দৃষ্টি আকৰ্ষণ কৰিলে আৰু পিছফালে আঙুলিয়াই দেখুৱালে। তেতিয়াহে মোৰ হুঁচ আহিল যে অ'ট'খনে বৰ্তমান মোৰ ঠিক পিছতে হৰ্ণ বজাই আছে। মই তৎক্ষণাত আঁতৰ হ'লো।ফোনটোৰ চিন্তা বাদ দি বেগত ভৰাই থ'লো। তেওঁলৈ চাই দোষী দোষী ভাৱেৰে হাঁহি এটা মাৰিলো। তেতিয়া তেওঁ নিজৰ চোলাটোত ধৰি আগলৈ আঙুলিয়াই মোক সুধিলে, "সূতা মিলত কাম কৰা নেকি?" মই বুজি পালো আৰু মূৰ দুপিয়ালো। তেওঁৱো চেলাউৰিযোৰ দাঙি হয়ভৰ দিলে। আকৌ সুধিলে নিজৰ ভাষাৰে, "তাঁত বোৱা নেকি? " মই সোঁৱে-বাঁৱে মোৰ জোকাৰিলো। আকৌ সুধিলে, "তেন্তে কি কৰা?" মই অলপ থতমত্ খালো। কেনেকৈ বুজাওঁ এতিয়া। মনত পেলাবলৈ চেষ্টা কৰিলো বিভিন্ন সময়ত চিনেমাবোৰত দেখুওৱা আকাৰে ইংগিতে কথা কোৱা দৃশ্যবোৰ। কিজানি কিবা এটা ক'ব পাৰোৱে। কিন্তু নাই, সেই সময়ত একোৱে মনলৈ নাহিল। মই সাধাৰণভাৱেই কৈ দিলো, কালাৰ (colour)। তেওঁ আকৌ চেলাউৰিযোৰ দাঙি হয়ভৰ দিলে। কিন্তু তেওঁ বুজিলেনে নাই মই নুবুজিলো। মনটোৱে অলপ ধনাত্মকভাৱে কৈ উঠিল, হয়তো শুনা পায়। এইবাৰ অফিচৰ ফালে আঙুলিয়াই বাওঁহাতৰ মণিবন্ধত চুই দুয়োখন হাতেৰে দহটা আঙুলি দেখুৱাই সুধিলে, " ডিউটী ১০ টাৰ পৰা নেকি?" মই সোঁৱে-বাঁৱে মূৰ জোকৰাত এইবাৰ নটা আঙুলি দেখুৱালে।এইবাৰ মই তলে-ওপৰে মোৰ জোকাৰিলো। আকৌ সুধিলে বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলিটো মোহাৰি, "দৰমহা কিমান?" মইও হাতৰ আঙুলিৰে হিচাপ দিলো। বাঁওহাতৰ মণিবন্ধত আকৌ এবাৰ চুই এইবাৰ ৰাস্তাৰ ফালে আঙুলিয়াই হাতেৰে ছটা আঙুলি দেখুৱালে। মানে সুধিলে "তোমাৰ ডিউটী ৬টা লৈ নে?" মই পাঁচটা আঙুলি দেখুৱালো। এইবাৰ তেওঁ একো নুসুধিলে। খৰ-খেদাকৈ গৈ নিজৰ অফিচ সোমালেগৈ। মোলৈ ঘূৰিও নাচালে, যাঁও বুলিও নক'লে। হয়তো তেওঁৰ দেৰি হৈছিল নতুবা আমাৰ কথা-বতৰা ইমানতে সামৰিব খুজিছিল। অজানিতে নিজকে দোষী দোষী লাগি গ'ল। কাৰণ তেওঁ মোৰ বিষয়ে সোধা কথাকেইটা মই ঠিকেই বুজিলো কিন্তু উত্তৰ দিবলৈ লৈহে অসুবিধা পালো। তেওঁক কিবা এটা সুধিবলৈ মই কেনেকৈনো সুধিম একো ভাবিয়ে নাপালো। অথচ তেওঁ মোক কিমান সহজকৈ কথাকেইটা সুধি গুচি গ'ল!! হয়তো সেয়ে তেওঁলোকক বিশেষভাৱে সক্ষম বুলি কোৱা হয়।আৰু প্ৰকৃততেই তেওঁ বিশেষভাৱে সক্ষম। কাৰণ তেওঁ তেনেকৈয়ে জীৱনটো আন দহজনৰ দৰেই সাধাৰণ ভাৱে জীয়াই আছে।
তেন্তে প্ৰকৃততে অক্ষমতা কাৰ? তেওঁৰ নে মোৰ??? প্ৰশ্নটোৱে মনত দোলা দি থাকিল বহুপৰলৈ....!!!
(অক্টোবৰ মাহৰ শেষৰ ফালে কোনোবা এটা দিনৰ ঘটনা)
সংযোজনঃ
‌কেইদিনমান পিছত গম পালো তেওঁ কাম কৰা অফিচটো গড্ৰেজ কোম্পানীৰ। কিন্তু তাত তেওঁ কি কৰে সেইটো নাজানিলো।
‌মোৰ সেইটো অফিচত শেষৰ দিনা তেওঁক আকৌ লগ পালো। বাছৰ পৰা নামিহে দেখিলো তেওঁক।মই হাঁহি এটা মাৰি হাতখন জোকাৰিলো। ৰাস্তাটো পাৰ হৈ মই ইচ্ছা কৰিয়ে তেওঁৰ খোজত খোজ মিলাই গৈ থাকিলো। এপাকত সুবিধা পাই মোৰ হাতখনেৰে নিজৰ কাণখন চুই তেওঁৰ ফালে আঙুলিয়াই সুধিলো যে তেওঁ শুনি পায়নে। তেওঁ প্ৰথমে নিজৰ ওঁঠত চুই হাতখন জোকাৰি বুজালে যে, "কথা ক'ব নোৱাৰো"। এইবাৰ কাণখন চুই আকৌ হাতখন জোকাৰি বুজালে যে "শুনি নাপাওঁ" (ক'ব নোৱাৰাকৈয়ে মনটো বেয়া লাগি গ'ল)। আৰু দুটা আঙুলিৰে প্ৰথমে নিজৰ চকুৰ ফালে আৰু তাৰ পিছত আগলৈ আঙুলিয়াই বুজালে যে "দেখি পাওঁ"। এইবাৰ মই ক'লো যে "মই ইয়াৰ পৰা যামগৈ।" (প্ৰথমে নিজৰ ফালে আঙুলিয়ালো, তাৰ পিছত অফিচৰ ফালে তাৰ পিছত ৰাস্তাৰ ফালে আঙুলিয়াই হাতখন পকাই দেখুৱালো।) তেওঁ বুজি পালে। তথাপি হয়তো Confirmationৰ বাবে নিজৰ সুবিধামতে সুধিলে। মই মূৰ দুপিয়ালো। যিহেতু মই বুজি পালো। এইবাৰ তেওঁ সুধিলে "ইয়াৰ দৰমহা ভাল নহয় ন?" মই তেওঁক বুজাবলৈ টান হ'ব বুলিয়ে মূৰ দুপিয়ালো। আকৌ সুধিলে "ক'ত যাবা?" মই কেনেকৈ বুজাম একো ভাবি নাপাই ম'বাইলটো উলিয়াই লিখি দেখুৱালো "গোলাঘাট"।তেওঁ মোৰ দুপিয়ালে। ইতিমধ্যে আমি আহি তেওঁৰ অফিচ পাইছিলোহি।তেওঁ মোক হাত জোকৰি বিদায় দিলে আৰু অফিচলৈ সোমাই গ'ল।

আপোন ডি. আৰ. কলেজৰ বুকুত স্মৃতিৰ সৰাপাত বুটলিঃ


প্ৰায় চাৰে পাঁচ বছৰৰ মূৰত আজি মোৰ মৰমৰ কলেজখনলৈ গ'লো। গেটখনত ভৰি দিয়েই মনটো অজান পুলকেৰে ভৰি পৰিল। যেন প্ৰথম কলেজলৈ অহাৰ দিনটো ঘূৰি আহিছে। এফালৰ পৰা চাই গ'লো Chemistry-Botany-Zoology Department, Higher Secondaryৰ ৰুমদুটা, Administrative Building, সৰস্বতী পূজাত লুচী খোৱা ৫ নং ৰূমটো, College Electionৰ counting কৰা ৰূমটো, কাবাদী খেলা Girls Commonৰূমৰ সন্মুখৰ ফিল্ডখন, "মমতাৰ চিঠি" কাব্যনাট প্ৰেকটিচ্ কৰা হীৰক জয়ন্তী ভৱনটো ইত্যাদি ইত্যাদি। চাই চাই গৈ আছো আৰু মনটো কিবা এটা ভৰি আহিছে ক'ব নোৱাৰাকৈয়ে। ইয়াত পাৰ কৰা প্ৰতিটো মুহূৰ্ত চকুৰ আগত জীৱিত হৈ উঠিল। এইযেন চাইকেল ষ্টেণ্ডত উৎপাত কৰি থকা আমাৰে লগৰ ল'ৰা-ছোৱালীখিনি, সেই নিৰ্দ্দিষ্ট একেচিয়াজোপাৰ তলত Electionৰ আলোচনা কৰা দাদাহঁত, Administrative Building ৰ সন্মুখৰ ফিল্ডখনত গান-কবিতাৰ কথা পতা দাদা-বা-বন্ধু-বান্ধৱীহঁতসকলোকে যেন মোৰ চকুৰ সন্মুখত বহি আহে। এই যেন চিঞঁৰি দিলেই হাতখন দাঙি মোক মাতিব।
এইখনেই সেইখন কলেজ যি মোক হিয়া উজাৰি দিছে, কোনো কৃপণালি নকৰাকৈ। এইখনেই সেইখন কলেজ যাৰ পৰা বৈ আহিছিল টুকুৰাটুকুৰ কবিতাবোৰ মোৰ বুকুলৈ, ভালপোৱাৰ সুবাসবোৰ উৰি আহিছিল, সপোনবোৰ সেউজীয়া হ'বলৈ ধৰিছিল ইয়াতেই। H2S ৰ গোন্ধৰ মাজতো মৰমবোৰ বিয়পিবলৈ অসুবিধা হোৱা নাছিল। এইখনেই সেইখন কলেজ যি মোক এবুকু বিষাদৰ মাজতো হাঁহিবলৈ শিকাইছিল।
ডি. আৰ. কলেজ, এক নষ্টালজিয়া, কাকো পাহৰিব নোৱাৰি, প্ৰতিগৰাকী শিক্ষাগুৰু, ইয়াত লগপোৱা সকলো দেৱৰাজীয়ান আৰু ইয়াৰ বুকুত শিপাই থকা অনুভৱবোৰ....!!!!
(ডি. আৰ. কলেজ পৰিয়ালৰ প্ৰতিজন সদস্যৰ হাতত। )

সততা...

আজিৰ দিনত এক আপুৰুগীয়া সম্পদ। যাৰ আছে তেঁও সবাতোকৈ চহকী। লাগিলে তেঁও ধনেৰে দুখীয়াই হওঁক। আৰু আজিৰ ঘটনাটোৱে মোক সঁচাই ভবাই তুলিলে। ঘটনাটো ঠিক এনেধৰণৰ.....
আমাৰ ইয়াত দেওবাৰে সাপ্তাহিক বজাৰ বহে আৰু আমাৰ এই অঞ্চলটোৰ এটা নিয়ম যে কোনোবাই কাৰোবাৰ ঘৰত বা বাৰীত বা খেতি পথাৰত বা বাগানত কাম কৰি পাবলগীয়া টকাকেইটাই হওঁক, বা ক্ষুদ্ৰ চাহ খেতিয়কসকলে চাহপাতৰ বাবে পাবলগীয়া টকাকেইটাই হওঁক সকলোৱে দেওবাৰে ৰাতিপুৱাহে পায়। আৰু সকলোৱে বজাৰলৈ যায়। আজিও আমাৰ ঘৰত একো ব্যতিক্ৰম নহ'ল। এজন মানুহ আহিল আমাৰ ঘৰলৈ দুপৰীয়া সময়ত। পথাৰত আলি দিয়াৰ বাবদ পাবলগীয়া টকাকেইটা নিবলৈ। ঘৰত কেৱল ভণ্টি আৰু মই। বহিবলৈ দি ঠাণ্ডা পানী এগিলাচ যাচিলো। বাহিৰত ভীষণ ৰ'দ। মোক ক'বলৈ ধৰিলে "কালি আলি দি সম্পূৰ্ণ নহ'ল। মোৰ জ্বৰ উঠিলে। আজি সন্ধিয়াকৈ বেজী এটা লৈ কাইলৈ পুৱাই আলি কেইটা দি শেষ কৰিম। আৰু পাঁচ গজ বাকী আছে। টকা দুশমান নিবলে আহিলো। " --শুনি বেয়া লাগি গ'ল। কিন্তু উপায়োতো নাই। এদিন কাম নকৰিলেও যে তেঁওলোকৰ চৌকাত জুই নজ্বলে। দেউতালে ফোন লগালো। টকা চাৰিশ দিবলে ক'লে। তেঁওক টকাকেইটা যাচি ক'লো, দেউতাই চাৰিশ দিবলে কৈছে। তাৰ উত্তৰত তেঁও যি ক'লে শুনি মই আৰু ভণ্টিয়ে মাথো ইজনীয়ে সিজনীৰ চকুলৈ চাই থৰ হ'লো। তেঁও ক'লে, "আজি চাৰিশ নিনিও। আলি দি শেষ নাইহোৱা। আৰু পাঁচগজ আছেই নহয়। বাকী দুশ কাইলৈ কাম কৰি আহি লৈ যামহি। কাম শেষ নকৰাকে পইচা নিবলে বেয়া লাগে নহয়। "
(ভাবিলো আজিও সমাজত এনেবোৰ মানুহ আছে বাবেই আমি মানুহ বুলি গৌৰৱ কৰিব পাৰিছো।)
ৰীতা শইকীয়া
৩১/০৭/১৬