Wednesday, May 24, 2017

মৰমৰ মাত

হোষ্টেলৰ পৰা ওলাই অকণমান আহোঁতেই কাণত পৰিল বৰ মৰমেৰে কোনোবাই কৈছে "বাই বাই... "। শব্দৰ উৎসৰ ফালে চাই দেখোঁ হোষ্টেলৰ কাষৰ মানুহঘৰৰ প্ৰকাণ্ড লোহাৰ গেটখনত ধৰি ঠিয় হৈ আছে কণমানিজনী। তাইয়েই মোক ইমান মৰেমেৰে "বাই বাই" দিছে।
এইজনীয়ে সেই কণমানিজনী যাক মই ঠিক দুৰ্গাপূজাৰ পিছৰ পৰাই দেখি আহিছো। হয়তো বন্ধবোৰ একেলেঠাৰিয়ে থকা বাবেই। বয়স ৩/৪ বছৰমান হ'ব। কেতিয়াবা দেখো বায়েকৰ লগত ঘৰৰ আগত ৰাখি থোৱা বালিৰ দ'মত খেলি থকা, কেতিয়াবা দেখো তাইৰ দৰেই কণমানি কুকুৰ পোৱালি এটাৰ লগত খেলি থকা, কেতিয়াবা দেখো ওচৰতে ৰখাই থোৱা ৰিক্সাকেইখনত উঠা-নমা কৰি খেলি থকা আৰু কেতিয়াবা ঘৰৰ সন্মুখত পৰি থকা চিপছৰ পেকেট বা অন্য কাগজ আদি বুটলি কাষৰ নলাটোত পেলাই থকা। আনকি সৰু মৰটনৰ পেকেটটোও সাৰি নাযায়। তাইক দেখি মনত ভাৱ হয় এই সৰু ছোৱালীজনীয়ে কেনেকৈ এইবোৰ ভাবি পায়, য'ত নেকি আমি দাঙৰবোৰেই বহুতে পাহৰি যাওঁ। মোক দেখিলে দুইজনীয়ে অলপকৈ হাঁহে। হয়তো নিজৰ ভিতৰতে কিবা কথা পাতে। সিহঁতক দেখিলে ক'ব নোৱাৰাকৈয়ে মোৰো ওঁঠত এক হাঁহি বিয়পি পৰে। কিন্তু আজিলৈকে মাতি পোৱা নাছিলো।
মই ওলাই আহিয়ে বায়েকক স্কুললৈ যোৱা দেখিলো। হয়তো বায়েকক বিদায় দিবলৈ আহিয়ে তাই গেটখনত ধৰি থিয় হৈ আছিল। হয়তো ৰাস্তাৰ মানুহ চাইছিল। কিন্তু ৰাতিপুৱাই এই কণমানিজনীৰ মৰমসনা মাতটোৱে যেন মোৰ দিনটোৱেই সুন্দৰ কৰি তুলিলে। মনটো ভাল লাগি গ'ল। মই ক'ব নোৱাৰাকৈয়ে দিনটোলৈ কাম কৰিবলৈ এক নতুন উদ্যম পালো। অলপ স্বাৰ্থপৰতাৰে হ'লেও মনটোৱে বিচাৰিল, তাই যেন সদায় মোক এনেকৈ "বাই বাই" দিয়ে!!!

(3 Nov 2016)

No comments:

Post a Comment