Friday, September 29, 2017

হীৰুদাৰ ছবিৰ অমূল্য সংগ্ৰহ


প্ৰেম আৰু ৰ'দালিৰ কবি হীৰেন ভট্টাচাৰ্য। হয়, হীৰুদাক সকলোৱে কবি বুলিয়ে জানে। বহুতে জানে, হয়তু নাজানে তেখেত এগৰাকী চিত্ৰশিল্পীও আছিল। তেখেতে অংকন কৰা কেইখনমান চিত্ৰ সংৰক্ষিত হৈ আছে গোলাঘাটত। এই চিত্ৰ কেইখনৰ সংগ্ৰাহক গোলাঘাটৰ পিকুমনি দত্ত এগৰাকী কলা ৰসিক, অধ্যয়নশীল ব্যক্তি৷ তেওঁ ছাত্ৰাৱস্থাত নিখিল ভাৰত ছাত্ৰ ফেডাৰেচন (AISF)ৰ সৈতে জড়িত আছিল৷ নব্বৈ দশকত ছাত্ৰ ফেডাৰেচনৰ ৰাজ্যিক সম্পাদকৰ দায়িত্ব লৈ গুৱাহাটীৰ ৰাজগড়স্থিত ভাৰতৰ কমিউনিষ্ট পাৰ্টি(CPI)ৰ কাৰ্যালয়ত থাকিবলৈ লৈছিল৷ হীৰুদাও ছাত্ৰাৱস্থাত ছাত্ৰ ফেডাৰেচনৰ কৰ্মী আছিল৷ উল্লেখযোগ্য যে অসমৰ প্ৰথম আৰু ভাৰতবৰ্ষৰ দ্বিতীয়টো ছাত্ৰ সংগঠন ’অসম ছাত্ৰ সন্মিলন’ ১৯৩৯ চনত এই নিখিল ভাৰত ছাত্ৰ ফেডাৰেচনৰ অন্তৰ্ভুক্ত হৈছিল৷ কবি হীৰেন ভট্টাচাৰ্য সুদীৰ্ঘকাল বাওঁপন্থী আন্দোলনৰ সৈতে জড়িত আছিল৷ সেই সূত্ৰে তেখেত কিছু বছৰ ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ সদস্য আছিল৷ কিন্তুু খেয়ালী মনৰ কবি হিচাপে তেওঁ পাৰ্টিৰ অনুশাসনৰ মাজত আবদ্ধ হৈ থাকিবলৈ নিবিছাৰিলে যদিও হীৰুদা আমৃত্যু কমিউনিষ্ট পাৰ্টিৰ কামকাজৰ সৈতে জড়িত হৈ আছিল৷ সেই সুত্ৰে পাৰ্টিৰ কাৰ্যালয়লৈ তেওঁ আহযাহ আছিল৷ আনহাতে হীৰুদাৰ ঘৰ কমিউনিষ্ট পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা কেইশমিটাৰ মান দুৰতে হোৱাৰ বাবে পুৱা বাতৰি কাকত পঢ়িবৰ বাবে তেওঁ নিতৌ পাৰ্টিৰ কাৰ্যালয়লৈকে আহিছিল৷ হীৰুদাৰ সৈতে পিকুমনি দত্তৰ আগৰ পৰাই সম্পৰ্ক আছিল যদিও পাৰ্টি কাৰ্যালয়ত থাকিবলৈ লোৱাৰ পৰা ঘণিষ্ঠতা বাঢ়িছিল৷ সেই ঘণিষ্ঠতা সুত্ৰে তেওঁ হীৰুদাক অতি নিবিড় ভাবে পাইছিল৷ কলাৰসিক, অধ্যয়নশীল দত্তৰ লগত হীৰুদাই আড্ডা দি ভাল পাইছিল৷ সেই সময়ত দত্তইও ছবি আঁকিছিল৷ তেওঁ নিজৰ বাবে আনি থোৱা কেনভাছতে হীৰুদাই কেতিয়াবা তুলিকা বুলাইছিল৷ এই ছবিসমূহ হীৰুদাই এক্ৰিলিক মাধ্যমত ১৯৯২ চনৰ পৰা ১৯৯৭চনৰ মাজৰ সময় চোৱাৰ আঁকিছিল৷ এনেদৰেই কমিউনিষ্ট পাৰ্টিৰ কাৰ্যালয়তে বহুকেইখন ছবিয়ে হীৰুদাৰ হাতত প্ৰাণ পায় উঠিছিল আৰু সেইবিলাক তাতে এৰিছিল৷ সেই ছবি সমূহ পিকুমনি দত্তৰ সংগ্ৰহত থাকি গৈছিল৷ ছবি সমূহ দত্তৰ পৰা বিভিন্নজনে লৈ যোৱাৰ উপৰি বিভিন্ন ঠাই ঘূৰি ফুৰাৰ ফলত আৰু যত্নৰ অভাৱত বহু ছবি নষ্ট হৈ গ’ল৷ তাৰে এইকেইখন ছবি পিকুমনি দত্তৰ সংৰক্ষণত থাকি গ’ল৷ অনুসন্ধান কৰিলে আন লোকৰ হাততো হীৰুদাৰ দুই-চাৰিখন ছবি উলাব৷ হীৰুদাৰ এই ছবি সমূহ আমাৰ বাবে অমূল্য সম্পদ৷
(হীৰুদাই ছবি সমূহৰ নাম দিয়া নাছিল যদিও চৰাইৰ ছবিখনৰ নাম কমলাকান্ত ভট্টাচাৰ্যৰ গীতৰ কলিৰে “চৰাই হালধীয়া“ দিছিল৷ )







http://www.xahitya.org/2017/07/17/%E0%A6%B9%E0%A7%80%E0%A7%B0%E0%A7%81%E0%A6%A6%E0%A6%BE%E0%A7%B0-%E0%A6%9B%E0%A6%AC%E0%A6%BF%E0%A7%B0-%E0%A6%85%E0%A6%AE%E0%A7%82%E0%A6%B2%E0%A7%8D%E0%A6%AF-%E0%A6%B8%E0%A6%82%E0%A6%97%E0%A7%8D/ 

≣ প্ৰস্তাৱ ≣




জুলাই মাহটো কবিতাৰ হওক
চকু মুদি লিখা কবিতাৰ নহয়
দুচকুত মুক্তিৰ ৰঙা ফুল ফুলা কবিতা
যি কবিতাই নিদ্ৰাত নিহত নাৰীৰ কথা কয়
যি কবিতাই বিপন্ন স্বাধীনতাৰ কথা কয়


জুলাই মাহটো কবিতাৰ নামত হওক
মাথো ফুল-তৰা-গানৰ কবিতা নহয়
সি হওক শইচ-পথাৰ-মানুহ-বোকামাটিৰ কবিতা
কবিতাৰে জ্বলি উঠক ব্যাধিগ্ৰস্ত নগৰ, অন্ধকাৰ হৃদয়

জুলাই মাহটো কবিতাৰ বাবে হওক
কবিতাই পাহাৰতলিৰ কুঁৱলি ফালক
চৰাইৰ মাতত বসন্ত আহক
জালিকটা জোনাকত বাজক সেউজীয়া বাঁহীৰ সুৰ

কবিতা হওক মোৰ দেশৰ বাবে
ধুমুহাৰ গান হওক কবিতা
বজ্ৰৰ গান হওক কবিতা
কবিতা হওক সাহসৰ দোকোল-টঁকা বান
কবিতাৰে জ্বলাওঁ আহক একুৰা জুই
জ্যোতিষ্মান হওক মোৰ ৰুগ্ন দেশ

জুলাইৰ ২৮ দিন, এটা কবিতাৰ প্ৰসৱৰ দিন
জুলাইৰ ৪ দিন, কবিতাটো কবিতা হোৱাৰ দিন
সেয়ে জুলাই হওক কবিতাৰ দিন


('প্ৰস্তাৱ' মাথো কবিতা নহয়, এয়া সকলোলৈ প্ৰস্তাৱঃ হীৰুদা অহা আৰু যোৱাৰ দিন জুলাই। সেয়ে লিখি দিওঁ আহক সমগ্ৰ জুলাই মাহটো হীৰুদাৰ নামত)

∞ কথোপকথন ∞



মই ক'লো:  এই হৃদয়ৰ জানা সংপৃক্ততা নাই
                 যিমানে তিতো তোমাৰ ভালপোৱাত
                 সিমানে তৃষ্ণা বাঢ়িহে যায়!!
                 তুমিতো নাজানা তোমাক পোৱাৰ হেঁপাহ কিমান,
                 তুমিতো নুবুজা তোমাৰ হোৱাৰ হাবিয়াস কিমান!! 



তেওঁ ক'লে: ইমান অলপতে অসন্তুষ্ট হ'লে কেনেকৈ চলে!
                 শিলৰ হৃদয়ে তোমাক এই বুলি ক'লে।

মই ক'লো:  হৃদয় যদি শিলৰ হয় মৰম ক'ত উপচে?

তেওঁ ক'লে: শিল ক্ষয় গৈ বালি হয়
                 বালিৰে উপচে ভৈয়াম

মই ক'লো:  বালিত জানো ফুলিব পাৰে প্ৰেমৰ হাচনাহানা              
                 যদিওবা থাকে তাত মৰমৰ নিজৰা!!

তেওঁ ক'লে: ভৈয়ামৰ বালিময় মৰুভূমিয়েতো
                 এদিন হয় সেউজীয়া উপত্যকা
                 তাতেতো ফুলে প্ৰেমৰ হাজাৰ হাচনাহানা

মই ক'লো:  সেউজীয়া উপত্যকা কাৰ বাবে
                 যদি তাত সেউজীয়া চৰাইজনীয়ে নাথাকে!
                 সেউজীয়া চৰাইজনী জানো সেউজীয়া হৈ ৰ'ব?
                 যদিহে সেউজীয়া বাঁহীৰ সুৰ নুশুনে??

তেওঁ ক'লে: সেউজীয়া উপত্যকাতে গজালি মেলিব বাঁহে
                 খনিকৰে সাজিব বাঁহী
                 সেই সেউজীয়া বাঁহীৰ সুৰ শুনি
                 আকৌ সেউজীয়া হৈ পৰিব
                 হালধীয়া পৰা চৰাই জনী

মই ক'লো:  ভালপোৱাবোৰ নদী হওক
                 সাঁতুৰি নাদুৰি জী উঠিম
                 ভালপোৱাবোৰ বৰষুণ হওক
                 তিতি তিতি সেউজীয়া হৈ পৰিম
                 অথবা ভালপোৱাবোৰ নিজৰা হওক
                 বৈ আহক তোমাৰ পৰা মোলৈ
                 ধোৱাই নিয়ক সকলো হালধীয়া
                 উপচি পৰক হাজাৰ সেউজীয়া

তেওঁ ক'লে: ভালপোৱাবোৰ বৰষুণ হৈ সৰিব
                 তিতিব দুখন বুকু
                 ভালপোৱাবোৰ নদী হ'ব
                 বুকুৰ পৰা বুকুলৈ বৈ যাব

মই ক'লো:   ...

(ওহোঁ একো নক'লো। মাথো বুকু ভৰাই
ভালপোৱাৰ উশাহ ল'লো!!)


এয়া মোৰ কল্পনা নহয়। এদন সন্ধিয়া
তেওঁৰ সৈতে হোৱা বাস্তৱ কথোপকথন!!
(দুশাৰীত হীৰুদাৰ ছাঁ পৰিলে!)

◀ মৌনতা ▶




প্ৰথমে সিহঁতে দলিত সকলক হত্যা কৰিবলৈ আহিলে
মই একো নক'লো
কাৰণ মই দলিত নহয়

তাৰপাছত সিহঁতে সংখ্যালঘু সকলক হত্যা কৰিবলৈ আহিলে
মই একো নক'লো
কাৰণ মই সংখ্যালঘু নহয়

সিহঁতে জনজাতি সকলক হত্যা কৰিবলৈ আহিলে
মই একো নক'লো
কাৰণ মই জনজাতি নহয়

সিহঁতে কৃষক সকলক হত্যা কৰিবলৈ আহিলে
মই একো নক'লো
কাৰণ মই কৃষক নহয়

সিহঁতে শ্ৰমিক সকলক হত্যা কৰিবলৈ আহিলে
মই একো নক'লো
কাৰণ মই শ্ৰমিক নহয়

সিহঁতে কমিউনিষ্ট সকলক হত্যা কৰিবলৈ আহিলে
মই একো নক'লো
কাৰণ মই কমিউনিষ্ট নহয়

সিহঁতে জাতীয়তাবাদী সকলক হত্যা কৰিবলৈ আহিলে
মই একো নক'লো
কাৰণ মই জাতীয়তাবাদী নহয়

সিহঁতে প্ৰগতিশীল চিন্তক সকলক হত্যা কৰিবলৈ আহিলে
মই একো নক'লো
কাৰণ মই তেনে চিন্তা নকৰো

সিহঁতে বাক্ স্বাধীনতাৰ সপক্ষত থকা সকলক হত্যা কৰিবলৈ আহিলে
মই একো নক'লো
কাৰণ মই সেই বিষয়ে একো নাভাবোৱে

শেষত সিহঁতে মোক হত্যা কৰিবলৈ আহিলে
মোৰ হৈ মাতিবলৈ
এতিয়া কোনোৱে নাই!

বেনাম ৰাভা



  : বিষ্ণু ৰাভা কোন?
: কোন বে?
: আব্বে কলাগুৰু!
: সেই যে "পৰজনমৰ শুভ লগনত" বুলি ট্ৰেজেডী ফালিছিল!
 : ধেত্, তেওঁ কিবা এটা মন্দিৰৰ দুৱাৰ খোলা পূজাৰী আছিল!
: ধুইই.. তহঁতে নাজান! সেই যে চন্দে চন্দে নচাৰ কথা কৈছিল! তেওঁ আচলতে নাচ-গানৰ মানুহহে আছিল।
: বুৰ্বকহঁত‌, তেওঁ কলাগুৰু আছিল। সাহিত্য-সংস্কৃতিৰ মানুহ ‌অ'! দেখা নাই চৰকাৰৰ পৰা আদি কৰি দল-সংগঠন, এনজিঅ', স্থানীয় কিবাকিবি সমিতি সকলোৱে ৰাভা দিৱস পাতি সাহিত্য-সংস্কৃতিৰ আলোচনা কৰে, গীত-কবিতাৰ প্ৰতিযোগিতা পাতে! সাংস্কৃতিক দিশত অৱদান আগবঢ়োৱা ব্যক্তিক চৰকাৰে তেওঁৰ নামত বটাঁও দিয়েতো!
            হয়, এয়াই বৰ্তমানৰ বিষ্ণু ৰাভা! ককাঁলত গৰুৰ পঘা লগাই চুচৰাই ৰাষ্ট্ৰই হত্যা কৰিলে এবাৰ; আৰু এতিয়া সেই ৰাষ্ট্ৰৰ নাগৰিকে আকৌ এবাৰ, বাৰ বাৰ হত্যা কৰিছে বিষ্ণু ৰাভাক! যেনেদৰে পুঁজিবাদৰ ঠিকাদাৰ সকলে নিষ্পেষিত জনতাৰ বাবে বন্দুক তুলি লোৱা চে গুৱেভাৰাক মুখত জলন্ত চিগাৰেট লৈ টুপী পিন্ধা ৰ'ল মডেল সাজি টি-চাৰ্টত আঁৰিছে, আজীৱন শোষিত জনগণৰ বাবে গীত গোৱা বব মাৰ্লেক ভঙুৱা জঁটাধাৰী সাজি টেটু ষ্টিকাৰ কৰিছে, ঠিক তেনেদৰে এহাতে কলম, এহাতে ষ্টেনগান লৈ কৃষক-বনুৱাক মুক্তিৰ পথ দেখুওৱা বিষ্ণু ৰাভাক আজি মাথো 'নাচ-গানৰ মাষ্টৰ' কৰা হ'ল। যি স্বাধীনতাই নিষ্পেষিত জনতাক আজিলৈকে শোষণৰ পৰা স্বাধীনতা নিদিলে সেই ৪৭ৰ স্বাধীনতা ভুৱা বুলি জানিয়ে ৰাভাই সেই সময়ত হাতত ষ্টেনগান তুলি লৈছিল। আৰু ৰাভা হৈ পৰিছিল দেশদ্ৰোহী! যি ৰাষ্ট্ৰই ৰাভাক দেশদ্ৰোহী আখ্যা দিছিল, সেই ৰাষ্ট্ৰয়েই আজি আকৌ বিষ্ণু ৰাভা দিৱস পাতে! কিয়? এয়া চিন্তাধাৰা হত্যাৰ চেষ্টা; ৰাভাৰ সংগ্ৰামী সত্তাক হত্যা কৰি তেওঁক মাথো গানৰ মাষ্টৰ কৰি থোৱাৰ চেষ্টা! ৰাভাই বিচৰা সেই স্বাধীনতা— 'শোষণৰ পৰা স্বাধীনতা' সংবিধানৰ গণ্ডিত থাকি বিচাৰিলেও আজিও হয় তেওঁ দেশদ্ৰোহী! হয় বিষ্ণু ৰাভাই সংস্কৃতি কৰিছিল। কিন্তু আজি সকলোৱে কৈ থকাৰ দৰে মাত্ৰ সংস্কৃতি কৰা নাছিল; তেওঁ বিপ্লৱ কৰিছিল। 'জাতি-ধৰ্মহীন' শোষকৰ বিৰুদ্ধে কৃষক-বনুৱা, মুক্তিকামী জনতাৰ মুক্তিৰ হকে তেওঁ বিপ্লৱ কৰিছিল। প্ৰেম আৰু বিদ্ৰোহ আছিল ৰাভাৰ চিৰ লগৰী। স্বাৰ্থান্বেষী সকলে যিমানেই ৰাভাক আকৌ বাৰে বাৰে হত্যাৰ চেষ্টা নকৰক কিয়, আজিও ক'ৰবাত উমি উমি জ্বলি আছে সেই বিপ্লৱী প্ৰাণ! কোনোবা দিনা হ'ব জ্যোতিষ্মান! এতিয়াও ৰিণিকি ৰিণিকি শুনি আছো আহি আছে এটা মিছিল— "আমি বিপ্লৱ পথলৈ আগুৱাওঁ বিপ্লৱ পথৰে যাত্ৰী আমি সৰ্বহাৰাৰ মুক্তিকামী"

: আব্বে বিষ্ণু ৰাভাই চুইচাইড কৰি থকা ফাৰ্মাৰ কেইটা আৰু টি-গাৰ্ডেনৰ লেবাৰ কেইটাৰ কাৰণেহে বিপ্লৱ কৰিছিল, আমাৰ কাৰণে কৰা নাছিল বে!
: তিনিওটাকে ফিউজন কৰি ল'লে কিন্তু মজ্জা হ'ব বে!
: আব্বে চাচপেন্স নিদিবি বা%#। কি জল্দি ক!
: ৰেড ষ্টাৰ থকা চে কেপ, মুখত ভাঙৰ মষ্ট চিগাৰ, বাহুত বব মাৰ্লেৰ টেটু আৰু হাতত ৰাভাৰ ষ্টেনগান!
: কে#% তোৰ আইডিয়া কৈ দিছো কিন্তু! ঝাক্কাচ লাগিব বে!!!

(ফটোখন "বৌদ্ধিক বিচাৰ" ই-আলোচনীৰ পৰা লোৱা হৈছে। শিল্পীঃ Rituparna Bora)