Friday, September 29, 2017

≣ প্ৰস্তাৱ ≣




জুলাই মাহটো কবিতাৰ হওক
চকু মুদি লিখা কবিতাৰ নহয়
দুচকুত মুক্তিৰ ৰঙা ফুল ফুলা কবিতা
যি কবিতাই নিদ্ৰাত নিহত নাৰীৰ কথা কয়
যি কবিতাই বিপন্ন স্বাধীনতাৰ কথা কয়


জুলাই মাহটো কবিতাৰ নামত হওক
মাথো ফুল-তৰা-গানৰ কবিতা নহয়
সি হওক শইচ-পথাৰ-মানুহ-বোকামাটিৰ কবিতা
কবিতাৰে জ্বলি উঠক ব্যাধিগ্ৰস্ত নগৰ, অন্ধকাৰ হৃদয়

জুলাই মাহটো কবিতাৰ বাবে হওক
কবিতাই পাহাৰতলিৰ কুঁৱলি ফালক
চৰাইৰ মাতত বসন্ত আহক
জালিকটা জোনাকত বাজক সেউজীয়া বাঁহীৰ সুৰ

কবিতা হওক মোৰ দেশৰ বাবে
ধুমুহাৰ গান হওক কবিতা
বজ্ৰৰ গান হওক কবিতা
কবিতা হওক সাহসৰ দোকোল-টঁকা বান
কবিতাৰে জ্বলাওঁ আহক একুৰা জুই
জ্যোতিষ্মান হওক মোৰ ৰুগ্ন দেশ

জুলাইৰ ২৮ দিন, এটা কবিতাৰ প্ৰসৱৰ দিন
জুলাইৰ ৪ দিন, কবিতাটো কবিতা হোৱাৰ দিন
সেয়ে জুলাই হওক কবিতাৰ দিন


('প্ৰস্তাৱ' মাথো কবিতা নহয়, এয়া সকলোলৈ প্ৰস্তাৱঃ হীৰুদা অহা আৰু যোৱাৰ দিন জুলাই। সেয়ে লিখি দিওঁ আহক সমগ্ৰ জুলাই মাহটো হীৰুদাৰ নামত)

No comments:

Post a Comment